অসম

পিতৃৰ ছাৰ্ভিচ পিষ্টলৰ পৰা গুলী ফুটি আহত চাৰি বছৰীয়া শিশু, হাস্পতালত ভৰ্তি…

নিশা কলিয়াবৰত অঘটন।

উলুৱনী আৰক্ষী নিৱেশৰ আৱাসত গুলীৱিদ্ধ এটি চাৰিবছৰীয়া শিশু।

উলুৱনী আৰক্ষী নিৱেশৰ সহকাৰী উপপৰিদৰ্শক তিলক বৰদলৈৰ চৰকাৰী আৱাসত নিশা ১০মান বজাত চাৰ্ভিছ পিষ্টলৰ গুলীফুটি গুলীৱিদ্ধ হয় উপপৰিদৰ্শক গৰাকীৰ চাৰি বছৰীয়া পুত্ৰ মনোজ হাজৰিকা।

নিশা তিলক বৰদলৈ নিশা কৰ্মস্থলীলৈ যোৱাৰ পূৰ্বেই সংঘটিত হয় এই ঘটনা।

বৰ্তমান তেজপুৰ চিকিৎস্যা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে ভৰিত গুলীৱিদ্ধ হোৱা শিশুটি।

জানিব পৰা মতে, আৰক্ষী সহকাৰী উপ-পৰিদৰ্শক তিলক বৰদলৈৰ পিষ্টলেৰে খেলি আছিল শিশুটোৱে।

হঠাৎ চাৰ্ভিছ পিষ্টলৰ পৰা নিৰ্গত হোৱা গুলী লাগে শিশুটিৰ দেহত।

সমগ্ৰ ঘটনা তদন্ত কৰিছে আৰক্ষীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *