অসম

ৰাজ্যসভাৰ সাংসদ ৰঞ্জন গগৈলৈ বিশেষাধিকাৰ জাননী…

দেশৰ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ তথা বৰ্তমানৰ ৰাজ্যসভাৰ সাংসদ ৰঞ্জন গগৈৰ বিৰুদদ্ধে বিশেষাধিকাৰ জাননী প্ৰেৰণ।

তৃণমূল কংগ্ৰেছৰ দুজন ৰাজ্যসভাৰ সাংসদে সাংসদ গগৈলৈ বিশেষাধিকাৰ জাননী প্ৰেৰণ কৰিছে।

এটা ব্যক্তিগত টি ভি চেনেলৰ এক সাক্ষাৎকাৰৰ সময়ত গগৈয়ে কৰা মন্তব্যৰ বাবে এই জাননী প্ৰেৰণ কৰিছে সাংদস দুগৰাকীয়ে।

সাংসদ দুগৰাকীৰ অভিযোগ গগৈয়ে কৰা মন্তব্যই ৰাজ্যসভাৰ মৰ্যাদাক আঘাত কৰিছে।

উল্লেখ্য যে ৰাজ্যসভাৰ সাংসদ হিচাপে ৰাষ্ট্ৰপতিয়ে মনোনিত কৰা ৰঞ্জন গগৈ অতি সীমিত সংখ্যক দিন হে ৰাজ্যসভাত উপস্থিত আছে।

এই বিষয়ে তেওঁ এটা টি ভি চেনেলৰ সাক্ষাৎকাৰত কৈছিল যে, তেওঁ প্ৰয়োজন অনুভৱ কৰিলেহে ৰাজ্যসভালৈ যায়।

এই মন্তব্য কৰাৰ পিছতে বিতৰ্কৰ সূত্ৰপাত হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *