অসম

২০২২ বর্ষত ৰাজ্যত দুটা পর্যায়ত হ’ব গুণোৎসৱ…

শিক্ষাৰ গুণগত মান উন্নীতকৰণৰ বাবে আগন্তুক বর্ষত ৰাজ্যখনত অনুষ্ঠিত হ’বলগীয়া গুণোৎসৱৰ বিভিন্ন দিশ পর্যালোচনা কৰাৰ উদ্দেশ্যে  জনতা ভৱনস্থিত মুখ্যমন্ত্রীৰ সভাকক্ষত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ পৌৰোহিত্যত এক বৈঠক অনুষ্ঠিত হয়৷

এই বৈঠকতে দুটা পর্যায়ত গুণোৎসৱ আয়োজন কৰাৰ বাবে সিদ্ধান্ত গ্রহণ কৰা হয়৷

২০২২ চনৰ ৫, ৬ আৰু ৭ এপ্রিলত প্রথম পর্যায় আৰু ২০, ২১ আৰু ২২ এপ্রিলত দ্বিতীয় পর্যায়ত গুণোৎসৱ অনুষ্ঠিত হ’ব৷

ইয়াৰ জৰিয়তে প্রথম শ্রেণীৰ পৰা দশম শ্রেণীলৈ ৰাজ্যখনৰ ৪২,৫১,৫২৪গৰাকী ছাত্র–ছাত্রীক সামৰি লোৱা হ’ব৷

ৰাজ্যখনৰ চৰকাৰী, প্রাদেশীকৃত আৰু চাহ বাগিচা ব্যৱস্থাপনাৰে সামৰি লোৱা ৪৬,২৫১খন বিদ্যালয়ত গুণোৎসৱ অনুষ্ঠিত হ’ব৷

এই বৈঠকত শিক্ষা বিভাগৰ উপদেষ্টা ড০ ননীগোপাল মহন্ত, শিক্ষা বিভাগৰ প্রধান সচিব বি কল্যাণ চক্রৱর্তীকে ধৰি শিক্ষা বিভাগৰ শীর্ষ বিষয়াসকল উপস্থিত থাকে৷

বৈঠকত মুখ্যমন্ত্রী ড০ শর্মাই ৰাজ্যখনত শিক্ষাৰ গুণগত মান অধিক উন্নীতকৰণৰ বাবে গুণোৎসৱ সফলভাৱে অনুষ্ঠিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷

Leave a Reply

Your email address will not be published. Required fields are marked *