সৰ্বানন্দ সোণোৱালৰ সমুখত ‘অ’ মোৰ আপোনাৰ দেশ’ পৰিৱেশন কৰিলে বিদেশী ছাত্ৰই…VDO

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সমুখত ‘অ’ মোৰ আপোনাৰ দেশ’ পৰিৱেশন কৰিলে বিদেশী ছাত্ৰই।

লগতে অসমীয়াতে সলসলীয়াকৈ নিজৰ পৰিচয় দাঙি ধৰিলে বিদেশী ছাত্ৰসকলে।

বিদেশী ছাত্ৰ-ছাত্ৰীযসকলে নিজৰ পৰিচয় অসমীয়া ভাষাত দাঙি ধৰাৰ লগতে অসমত কি কৰি আছে, কৰ পৰা আহিছে সকলো কয়।

তাৰোপৰি অসমৰ জাতীয় সংগীত ‘অ’ মোৰ আপোনাৰ দেশ’ গাই শুনাই।

বিদেশী ছাত্ৰ-ছাত্ৰীৰ মুখত অসমীয়া কথা শুনি অভিভূত হৈ পৰে সৰ্বানন্দ সোণোৱাল।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অধ্যয়নৰত বিদেশী ছাত্র-ছাত্ৰীৰ কণ্ঠত অসমৰ জাতীয় সংগীত ‘অ’ মোৰ আপোনাৰ দেশ’ এনেদৰে শুনা গ’ল।

বিদেশৰ পৰা অহা অধিকাংশ ছাত্ৰ-ছাত্ৰীয়ে আফ্ৰীকাৰ বাসিন্দা, লগতে নেপাল ইজিপ্ত, ছিৰিয়া আদিৰো ছাত্ৰ-ছাত্ৰীয়ে সেই আলোচনাত অংশ লয়।

উল্লেখ্য যে, সেই বিদেশী ছাত্র-ছাত্ৰী সকলক অসমীয়া ভাষা ক’বলৈ শিকাইছিল ডঃ বিনোদ চন্দ্ৰ বড়া(Binod Borah)য়ে।

লগতে অসমৰ জাতীয় সংগীত তথা অসমীয়া ভাষাৰ গান গাবলৈ শিকাইছিল ডঃ বিনোদ চন্দ্ৰ বড়াৰ কন্যা মূৰ্চনা বড়াই।

টুইটাৰত উক্ত আলোচনাৰ এটি ভিডিঅ’ শ্বেয়াৰ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

Leave a Comment