অসম

ভয়ংকৰ পথ দুৰ্ঘটনা! থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত আন তিনিজন…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

দুৰ্ঘটনাত থিতাতে নিহত এজন লোক, আনহাতে গুৰুতৰভাৱে আহত আন তিনিজন লোক।

বঙাইগাঁৱত সংঘটিত হৈছে এই ভয়ানক পথ দুৰ্ঘটনাটো।

আহত তিনিওকে ততাতৈয়াকৈ নিকট হাস্পতালত ভৰ্তি কৰোৱা হয়।

জিলা সদৰৰ সমীপৱৰ্তী চাপৰাকাটা সংযোগী ৰাষ্ট্ৰীয় পথত সংঘটিত হয় এই দুৰ্ঘটনাটো।

দুৰ্ঘটনাটোৰ বিষয়ে খবৰ লাভ কৰা পিছতেই ঘটনাস্থলীত উপস্থিত আৰক্ষী।

আৰক্ষীয়ে আহি মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

পশ্চিমবংগ দিশে গতি কৰা RJ-36- GA4849 নম্বৰৰ ট্ৰেইলাৰ এখনে একেদিশত গৈ থকা As-06- AC-0423 নম্বৰৰ বাহন এখনক খুন্দা মৰাৰ ফলতে সংঘটিত হয় এই দুৰ্ঘটনা।

Leave a Reply

Your email address will not be published. Required fields are marked *