ৰাজ্যবাসীলৈ এক ডাঙৰ সকাহ।
অসমত হোৱা নাই কৰ’ণাৰ নতুন ভেৰিয়েণ্ট অ’মিক্ৰণৰ কোনো সংক্ৰমণ।
শোণিতপুৰৰ সূৰ্য বাহাদুৰ তামাং অ’মিক্ৰণত সংক্ৰমিত হোৱা বাতৰি অস্বীকাৰ জিলা প্ৰশাসনৰ।
এই সন্দৰ্ভত শোণিতপুৰৰ জিলা উপায়ুক্ত ভূপেশ চন্দ্ৰ দাসে স্পষ্টীকৰণ দি কয়, তেজপুৰ মেডিকেল কলেজে দিয়া তথ্য অনুসৰি RT-PCR পৰীক্ষাত ক’ভিড প’জিটিভ ধৰা পৰিছে। জেনম ছিকুৱেন্সিঙৰ বাবে প্ৰেৰণ কৰা হৈছে ৰোগীজনৰ নমুনা। এতিয়াও অহা নাই পৰীক্ষাৰ প্ৰতিবেদন। সেয়েহে এতিয়াই এই সন্দৰ্ভত ব্যক্তিগৰাকী অ’মিক্ৰণ আক্ৰন্ত হয় অথবা নহয় বুলি ক’ব নোৱাৰি।
শোণিতপুৰ জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকে সদৰি কৰা অনুসৰি, ‘‘লোকজনৰ দেহত এই মুহূৰ্তলৈকে অমিক্ৰণৰ লক্ষণ ধৰা পৰা নাই৷ কলকাতাত কৰা টেষ্টত কেৱল কোভিড পজিটিভহে ধৰা পৰিছে৷ যাৰ পৰিপ্ৰেক্ষিতত নিশা লোকজনক TMCHত ভৰ্তি কৰোৱা হৈছে৷
অমিক্ৰণ পৰীক্ষাৰ বাবে আজি লোকজনৰ নমুনা সংগ্ৰহ কৰি কলকতাস্থিত লেব’ৰেটৰীলৈ প্ৰেৰণ কৰা হ’ব৷ গতিকে এই মুহূৰ্তলৈকে বিশেষ চিন্তাৰ কোনো প্ৰয়োজন নাই বুলি সদৰি কৰে স্বাস্থ্য বিভাগে।









