অষ্টম, নৱম আৰু দশম শ্ৰেণীত অন্তৰ্ভুক্ত হ’ব স্বাস্থ্যসেৱাৰ বিশেষ পাঠ্যক্ৰমঃ স্বাস্থ্যমন্ত্ৰী

অষ্টম, নৱম আৰু দশম শ্ৰেণীত অন্তৰ্ভুক্ত হ’ব স্বাস্থ্যসেৱাৰ বিশেষ পাঠ্যক্ৰম।

ৰাজ্যৰ শিক্ষাৰ্থীৰ মাজত স্বাস্থ্য সচেতনতা বৃদ্ধিৰ লক্ষ্যৰে এই বিশেষ পদক্ষেপ ৰাজ্য চৰকাৰৰ।

পাঠ্যক্ৰম প্ৰস্তুতিৰ বাবে ইতিমধ্যে শংকৰদেৱ বিশ্ববিদ্যালয়ক দায়িত্ব দিছে ৰাজ্য চৰকাৰে।

মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত এক বৈঠকত এই সিদ্ধান্ত লোৱাৰ কথা সদৰি কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।

ALL ASSAM PHARMACIST SERVICE ASSOCIATION ৰ উদ্যোগত উদযাপন কৰা ৰাষ্ট্ৰীয় ফাৰ্মাচী সপ্তাহত অংশগ্ৰহণ কৰি এই ঘোষণা স্বাস্থ্যমন্ত্ৰীৰ।

স্বাস্থ্যখণ্ডত সংবৰ্ধনৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ কথা উল্লেখ কৰি তেওঁ কয় যে, উপ-স্বাস্থ্য কেন্দ্ৰসমূহক হেল্থ কেয়াৰ চেণ্টাৰলৈ উন্নীত কৰা হ’ব। এতিয়াৰে পৰা উপ-স্বাস্থ্য কেন্দ্ৰত থাকিব ৬ খনকৈ বিচনা। 

AMCH ত ফাৰ্মাচিষ্টৰ ৪০খন আসনৰ অনুমোদন জনোৱা হৈছে। নতুন শিক্ষাবৰ্ষৰ পৰা AMCH ত পাঠদান আৰম্ভ হ’ব জনাই স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে।

Leave a Comment