ৰাষ্ট্ৰীয়অসমীয়া

এইবাৰ হেকাৰৰ কবলত পৰিল প্ৰধানমন্ত্ৰীৰ টুইটাৰ একাউন্ট!

নিউজ ডেস্ক। এইবাৰ হেকাৰৰ কবলত পৰিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মােদীৰ টুইটাৰ একাউন্ট।

নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মােদীৰ ব্যক্তিগত টুইটাৰ একাউন্ট হেক কৰিলে চাইবাৰ অপৰাধীয়ে।

৭ কােটিতকৈও অধিক অনুগামী থকা সেই টুইটাৰ একাউন্ট হেক কৰি তাত প্ৰকাশ কৰা হয় এটা টুইট্।

সেই টুইটত উল্লেখ কৰা হয় যে ভাৰত চৰকাৰে আনুষ্ঠানিকভাৱে বিট কইনক স্বীকৃতি প্ৰদান কৰিছে। ভাৰত চৰকাৰে চৰকাৰীভাৱে ৫੦੦ বিটকইন ক্ৰয় কৰি দেশৰ নাগৰিকৰ মাজত বিতৰণ কৰিছ বুলি এই ভুৱা টুইটত উল্লেখ কৰা হয়।

অৱশ্যে এই ঘটনা পােহৰলৈ অহাৰ পাছতে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা টুইট প্ৰকাশ কৰি একাউন্ট হেক হােৱাৰ কথা প্ৰকাশ কৰি টুইটাৰ কৰ্তৃপক্ষৰ সৈতে এই বিষয়ে যােগাযােগ কৰাৰ পাছত সেই একাউন্ট পুনৰ উদ্ধাৰ কৰা হয় বুলি প্ৰকাশ কৰা হয়।

লগতে সেই টুইটাৰ হেণ্ডেল হেক হােৱাৰ সময়ত তাত প্ৰকাশ পােৱা যিকােনাে টুইটক অগ্ৰাহ্য কৰিবলৈও আহ্বান জনােৱা হয়।

উল্লেখ্য যে ইয়াৰ পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি বাইডেন তথা প্ৰাক্তন ৰাষ্ট্ৰপতি অবামাৰ টুইটাৰ হেণ্ডেল হেক কৰিছিল হেকাৰে।

অনুৰূপ ধৰণে তাতে বিট্ কইনক লৈ টুইট প্ৰকাশ কৰিছিল হেকাৰে।

লগতে চাওকঃ

CAA বাতিল নকৰালৈকে ৰাজ্যত অব্যাহত থাকিব প্ৰতিবাদঃ লুৰীণজ্যোতি গগৈ

Leave a Reply

Your email address will not be published. Required fields are marked *