
পাঠদানৰ পাছত নদীত গা ধুবলৈ গৈ শিক্ষক, পাঁচ শিক্ষাৰ্থীৰ সলিল সমাধি
নিউজ ডেস্ক। এক শােকাৱহ ঘটনা।
নদীত গা ধুবলৈ গৈ প্ৰাণ গ’ল এগৰাকী শিক্ষক তথা ৫ জনকৈ শিক্ষাৰ্থীৰ।
এই ঘটনা শুক্ৰবাৰে সন্ধিয়া সংঘটিত হয় অন্ধ্ৰপ্ৰদেশৰ গুন্টুৰ জিলাত।

জিলাখনৰ মাজেৰে বৈ যােৱা কৃষ্ণা নদীত পাঁচজন শিক্ষাৰ্থী আৰু স্থানীয় বৈদিক বিদ্যালয়ৰ এজন শিক্ষক ডুব যায়।
দিনৰ শ্ৰেণী সম্পূৰ্ণ কৰাৰ পিছত আচাম্পেট চক্ৰৰ মাদিপাডু গাঁৱৰ ওচৰত নদীত গা ধুবলৈ যোৱাৰ সময়ত এই দুৰ্ঘটনাটো সংঘটিত হৈছিল।
পিছত তেওঁলোকৰ মৃতদেহ নদীৰ পৰা উদ্ধাৰ কৰা হয়।
নিহত শিক্ষকজনৰ নাম কে ছুব্ৰমনিয়ান (২৪)। তেওঁ অন্ধ্ৰপ্ৰদেশৰ গুন্টুৰ জিলাৰ বাসিন্দা।
শিক্ষাৰ্থীসকলৰ নাম শিৱ শৰ্মা (১৪), নীতিশ কুমাৰ দীক্ষিত (১৫), হৰ্ষিত শুক্লা (১৫), শুভম ত্ৰিবেদী (১৭)। এইকেইজন মধ্য প্ৰদেশৰ বাসিন্দা।
আনহাতে, অংশুমান শুক্লা (১৪) নামৰ ছাত্ৰজন উত্তৰ প্ৰদেশৰ বাসিন্দা বুলি জানিব পৰা গৈছে।
আন এজন শিক্ষাৰ্থীৰ প্ৰকৃত পৰিচয় উদ্ধাৰ হােৱা নাই।
লগতে চাওকঃ
কিংবদন্তি ফুটবলাৰ মাৰাডােনাৰ ১২ লাখ টকীয়া ঘড়ী চুৰি কৰি গ্ৰেপ্তাৰ শিৱসাগৰৰ ৱাজিদ হুছেইন





