অসমঅসমীয়া

যাত্ৰীবাহী ৰে’লৰ খুন্দাত মৃত্যু বনৰীয়া হাতীৰ

নিউজ ডেস্ক। পুনৰ ৰে’লৰ খুন্দাত মৃত্যু ঘটিল গজৰাজৰ।

এইবাৰ ঘটনাৰ স্থান নগাঁও জিলাৰ কলিয়াবৰ।

জানিব পৰা মতে, শিলঘাট-গুৱাহাটী যাত্ৰীবাহী ৰে’লৰ খুন্দাত নিহত হয় এটা প্ৰাপ্তবয়স্ত হাতীটো।

ঝাওকটা নামৰ অঞ্চলটোত নিশা সংঘটিত হয় এই ঘটনা।

নিশাই ঘটনাস্থলীত উপস্থিত হয়গৈ বন বিভাগৰ লোক।

খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই আহিছিল হাতীৰ জাক।

জাকৰ মাজৰে এটা হাতীয়ে ৰে’লপথ অতিক্ৰম কৰাৰ সময়তে শিলঘাট-গুৱাহাটী যাত্ৰীবাহী ৰে’লৰ খুন্দাত মৃত্যু হয় হাতীটােৰ।

উল্লেখ্য যে কিছুদিন পূৰ্বেও উক্ত ৰে’লপথতে ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত ৩ টাকৈ বনৰীয়া হাতীৰ মৃত্যু ঘটিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *