স্বাস্থ্যজনিত কাৰণত জামিন লাভ বিতৰ্কিত বঙালী নেতা প্ৰদীপ দত্ত ৰয়ৰ।
প্ৰায় ১২ দিনৰ মুৰত বুধবাৰে জামিনত মুক্তি লাভ কৰে বঙালী নেতা গৰাকীয়ে।
বুধবাৰে শিলচৰৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত স্বাস্থ্যজনিত কাৰণ দেখুৱাই প্ৰদীপ দত্ত ৰয়ৰ হৈ জামিনৰ আবেদন কৰিছিল তেওঁৰ অধিবক্তাই।
এই আবেদনৰ ভিত্তিতে বুধবাৰে আদালতে প্ৰদীপ দত্তৰয়ৰ জামিন মঞ্জুৰ কৰে৷
ইয়াৰ পূৰ্বে দত্তৰয়ৰ চাৰিটাকৈ জামিন আবেদন নাকচ কৰিছিল আদালতে।
উল্লেখ যোগ্য যে, শিলচৰ মেহেপুৰৰ এটা পেট্ৰলপাম্পত অসমীয়া পোষ্টাৰ ৪৮ ঘণ্টাৰ ভিতৰত আঁতৰাই নিয়াৰ বাবে হুংকাৰ দিছিল প্ৰদীপ দত্ত ৰয়ে।
ইয়াৰ পাছতে কাছাৰ আৰক্ষীয়ে ২৭ নবেম্বৰত প্ৰদীপ দত্তৰয়ক গ্ৰেপ্তাৰ কৰিছিল৷









