জনপ্ৰিয় সংগীতৰ ৰিয়েলিটী শ্ব’ ‘ইণ্ডিয়ান আইডল ১২’ (Indian Idol 12)ৰ খিতাপ দখল কৰিলে পৱনদীপ ৰাজনে।
দেওবাৰে এই শ্ব’ৰ গ্ৰেণ্ড ফিনালে আনুষ্ঠিত হয়।
দুপৰীয়া ১২ বজাৰ পৰা নিশা ১২ বজালৈ ১২ ঘণ্টা ধৰি অনুষ্ঠিত হয় এই শ্ব’ৰ গ্ৰেণ্ড ফিনালে।
‘ইণ্ডিয়ান আইডল ১২’ ৰ ফিনালেত ৬গৰাকী প্ৰতিযোগী আছিল।
তেওঁলোক হ’ল- পৱনদীপ ৰাজন, নিহাল টৌৰে, সন্মুখপ্ৰিয়া, অৰুণিতা কাঞ্জিলাল, শায়লী কাম্বলে আৰু মহম্মদ দানিশ।
প্ৰথমবাৰৰ বাবে ৬গৰাকী প্ৰতিযোগীয়ে একেলগে ফাইনেলত প্ৰৱেশ কৰিছিল।
উত্তৰাখণ্ডৰ বাসিন্দা পৱনদীপ ৰাজনে সুন্দৰ গোৱাৰ লগতে কেইবাবিধো বাদ্যযন্ত্ৰ বজোৱাত পাকৈত।
উল্লেখ্য যে, ২০১৫ চনত টিভি শ্ব’ ‘দ’ ভইচ’ৰ খিতাপো জিকিছিল পৱনদীপে।
সম্পূৰ্ণ জনতাৰ ভোটৰ আধাৰত নিৰ্বাচিত কৰা হয় এই শ্ব’ৰ বিজেতা।
অৱশেষত ৬গৰাকী প্ৰতিযোগীৰ মাজত বিজয়ীৰ খিতাপ দখল কৰিলে পৱনদীপ ৰাজনে।
বিজয়ী পৱনদীপ ৰাজনক এটা ট্ৰফী, ২৫ লাখ টকাৰ পুৰস্কাৰ আৰু এখন নতুন গাড়ী প্ৰদান কৰা হয়।
আনহাতে দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হয় পশ্চিম বংগৰ অৰুণিতা কাঞ্জিলালে।
আনহাতে তৃতীয় স্থান লাভ কৰে চাইলি কাম্বলে।
#Pawandeep #SayliKamble #Arunita#IndianIdolGreatestFinaleEver#indianidol #IndianIdol2020 #indianidol12 #sonukakkar #Pawandeeprajan #ArunitaKanjilal pic.twitter.com/jc6DNjRy3X
— Indian Idol (@indian_idol12) August 16, 2021
শ্ব’টোত অনু মালিক, ছনু কক্কৰ আৰু হিমেশ ৰেশামিয়াই বিচাৰকৰ আসনত বহিছিল। শ্ব’ত প্ৰথমে বিশাল দাদলানী আৰু নেহা কক্কৰো বিচাৰক হিচাপে আছিল।









