ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনাত পত্নীসহ প্ৰাণ গ’ল চীফ অফ ডিফেন্স ষ্টাফ বিপিন ৰাৱাটৰ, শোকস্তদ্ধ দেশ…

দেশবাসীৰ বাবে এক বেয়া খবৰ!

চীফ অফ ডিফেন্স ষ্টাফ বিপিন ৰাৱাটৰ হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু।

তামিলনাডুৰ কুন্নুৰত সংঘটিত হেলিকপ্টাৰ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হৈ আছিল CDS জেনেৰেল বিপিন ৰাৱাট।

FGEzdv-KXEAA5z-IE

লগতে তেওঁৰ পত্নী মধুলিকা ৰাৱাটৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

FGEs3-Yz-UUAESY-D

ভাৰতীয় বায়ু সেনা বাহিনীৰ তৰফৰ পৰা এই কথা নিশ্চিত কৰা হয়।

দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্তাৰখনত যাত্ৰা কৰা মুঠ ১৪ গৰাকী যাত্ৰীৰ ভিতৰত ১৩ গৰাকী যাত্ৰীৰ মৃত্যু হোৱা বুলি ভাৰতীয় বায়ু সেনা বাহিনীৰ তৰফৰ পৰা প্ৰকাশ কৰে।

উল্লেখ্য যে, তামিলানাডুৰ এক বৰ্ক্তৃতা অনুষ্ঠানত অংশগ্ৰহণৰ বাবে বুধবাৰে পৰিয়ালসহ নতুন দিল্লীৰ পৰা তামিলনাডুৰ নীলগিৰিলৈ উৰা মাৰিছিল জেনেৰেল বিপিন ৰাৱাট।

জেনেৰেল বিপিন ৰাৱাট দেশৰ প্ৰথমগৰাকী চীফ অফ ডিফেন্স ষ্টাফ আছিল। ২০১৯চনৰ ৩০ ডিচেম্বৰত তেওঁক এই পদত নিযুক্তি দিয়া হৈছিল।

FGEzc-HHVc-AYyh-FV

ভাৰতীয় সেনা বাহিনীক সন্মুখৰ পৰা নেতৃত্ব দিছিল এইগৰাকী সেনা বিষয়াই।

স্থল সেনাৰ মুৰব্বী হিচাপে দায়িত্বভাৰ পালন কৰা বিপিন ৰাৱাটক নিযুক্তি দিয়া হৈছিল তিনিওটা বাহিনীৰ মুৰব্বী হিচাপে।

জেনেৰেল ৰাৱাটৰ জন্ম হৈছিল ১৯৫৮চনৰ ১৬ মাৰ্চত উত্তৰাখণ্ডৰ পুৰীৰ এটা হিন্দু ৰাজপুত পৰিয়ালত।

লগতে চাওকঃ

মৰ্মান্তিক! ওপজা দিনতে পথ দুৰ্ঘটনাত প্ৰাণ গ’ল পাৰ্থ প্ৰতিমৰ

Leave a Comment