অসম

ৰাজধানী এক্সপ্ৰেছত দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালাক আক্ৰমণ…

লামডিঙত নিশা mxঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।

চলন্ত ৰে’লত দুৰ্বৃত্তৰ আক্ৰমণৰ সন্মুখীন হয় দুলীয়াজানৰ বিজেপি বিধায়ক তেৰছ গোৱালা।

ৰাজধানী এক্সপ্ৰেছত দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালাক আক্ৰমণ।

বিধায়কজনে পত্নী আৰু সন্তানসহ গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ যাত্ৰা কৰাৰ সময়তে ৰাজধানী এক্সপ্ৰেছৰ A3 ডবাত সংঘটিত হয় এই ঘটনা।

বিধায়কজন থকা ডবাটোত লামডিঙৰ পৰা গৈছিল ৰমাকান্ত ৰয় নামৰ আন এজন যাত্ৰী। ডবাৰ লাইট বন্ধ কৰাক লৈ লোকজনে প্ৰথমে বিধায়কজনক দুৰ্ব্যৱহাৰ কৰে। ঘটনাক লৈ দুয়োৰে মাজত তৰ্কাতৰ্কি হয়।

ইয়াৰ পিছতে ৰমাকান্ত ৰয়ে অতৰ্কিতে আক্ৰমণ কৰে বিধায়ক তেৰছ গোৱালাক।

ইয়াৰ পিছতে বিধায়কজনে ৰে’লৱেৰ উচ্চপদস্থ বিষয়াৰ সৈতে যোগাযোগ কৰাত লামডিং ৰে’লৱে ষ্টেচনত উপস্থিত হয় আৰু অভিযুক্ত ৰমাকান্ত ৰয়ক আটক কৰে।

এই ঘটনাক লৈ নিশা লামডিং ৰে’লৱে ষ্টেচনত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।

পিছত আৰক্ষীয়ে অভিযুক্ত লোকজনক কৰায়ত্ত কৰি নিয়ন্ত্ৰণ কৰে পৰিস্থিতি।

Leave a Reply

Your email address will not be published. Required fields are marked *