অসমীয়া লিপিৰ পৃথক কোড তালিকা প্ৰস্তুতৰ বাবে ১৪ জনীয়া বিশেষজ্ঞ সমিতি গঠন ৰাজ্য চৰকাৰৰ…

অসমীয়া লিপিৰ পৃথক কোড তালিকা (কোড চাৰ্ট) প্ৰস্তুতৰ বাবে ১৪ জনীয়া বিশেষজ্ঞ সমিতি গঠন ৰাজ্য চৰকাৰৰ।

অসম চৰকাৰে এক অধিসূচনাযোগে জনোৱা এই সমিতিখনৰ সভাপতিৰ দায়িত্বত থাকিব ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী।

এই সমিতিখনৰ উপ-সভাপতিৰ দায়িত্ব দিয়া হৈছে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অতিৰিক্ত মুখ্য সচিবক।

আনহাতে সদস্যসমূহ হৈছে- অসম সাহিত্য সভাৰ সভাপতি, তথ্য-প্ৰযুক্তি বিভাগৰ অতিৰিক্ত মুখ্য সচিব, উচ্চ শিক্ষা বিভাগৰ প্ৰধান সচিব, এমট্ৰণৰ মেনেজিং ডাইৰেক্টৰ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ তথ্য প্ৰযুক্তি বিভাগৰ ড০ শিখৰ কুমাৰ শৰ্মা।

ইয়াৰ উপৰি সমিতিখনত আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ড০ উপেন ৰাভা হাকাচাম, অসমীয়া ইউনিক’ডৰ চাৰ্জন আৰু এক্টিভিষ্ট ডাঃ সত্যকাম ফুকন, আনন্দৰাম বৰুৱা ভাষা, শিল্প আৰু সাংস্কৃতিক প্ৰতিষ্ঠানৰ সঞ্চালক ড০ দিলীপ কুমাৰ কলিতা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভাষাতত্ব বিভাগৰ জ্যোতি প্ৰকাশ তামুলী, উচ্চ শিক্ষা বিভাগৰ সঞ্চালক আৰু এন আই চিৰ ৰাজ্যিক তথ্য বিষয়া।

আনহাতে সমিতিখনত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক সদস্য সচিব হিচাপে থাকিব।

উল্লেখ্য যে এই সমিতিখনে অসমীয়া লিপি বিকাশ সম্পৰ্কীয় অন্যান্য কাৰিকৰী বিষয় আৰু অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰূপে স্বীকৃতি দিয়াৰ ক্ষেত্ৰতো পৰামৰ্শদাতা হিচাপে ভূমিকা পালন কৰিব।

Leave a Comment