অৱশেষত মুকলি আকাশৰ তললৈ বাঘবৰৰ বিধায়ক শ্বেৰমান আলী…

অৱশেষত মুকলি আকাশৰ তললৈ আহিল বাঘবৰৰ বিধায়ক শ্বেৰমান আলী।

মঙলবাৰে পুৱা ৭.১০ বজাত ২মাহ ৫ দিনৰ অন্তত জেলৰ পৰা মুকলি হ’ল বিধায়ক শ্বেৰমান আলী।

সোমবাৰে জামিন লাভ কৰাৰ পাছতেই মঙলবাৰে পুৱা কাৰাগাৰৰ পৰা মুকলি হয় বিধায়কগৰাকী।

সময়ত চাৰ্জশ্বিট দাখিলত ব্যৰ্থ হোৱাৰ বাবেই অৱশেষত আদালতে জামিন প্ৰদান কৰে বিধায়কগৰাকীক। 

উল্লেখ্য যে, শ্বেৰমান আলীয়ে পূৰ্বেই মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ গোচৰত জামিন লাভ কৰিবলৈ সক্ষম হৈছিল।

বাকী থকা আৰক্ষীৰ দুটা গোচৰত জামিন লাভ কৰাৰ পাছত মুকলি আকাশৰ তললৈ অহাৰ পথ মুকলি হৈছে বিধায়কগৰাকীৰ।

মুঠ ৩টাকৈ গোচৰ আছিল শ্বেৰমান আলীৰ বিৰুদ্ধে।

উল্লেখ্য যে, শ্বহীদক লৈ বিতৰ্কিত মন্তব্য কৰাৰ বাবে যোৱা ২ অক্টোবৰত পাণবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল শ্বেৰমানক আলীক।

Leave a Comment