অসম

বঙালী নেতা প্ৰদীপ দত্ত ৰয়ক শিলচৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱাৰ নিৰ্দেশ…

বঙালী নেতা প্ৰদীপ দত্ত ৰয়ক শিলচৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱাৰ নিৰ্দেশ।

শিলচৰ ছেচন আদলতে শুক্ৰবাৰে কেন্দ্ৰীয় কাৰাগাৰক এই নিৰ্দেশ প্ৰদান কৰিছে।

ৰয়ক ৭ দিনৰ বাবে চিকিৎসালয়ত ভৰ্তিৰ নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে৷

প্ৰদীপ দত্ত ৰয়ৰ স্বাস্থ্যজনিত কাৰণৰ কথা উল্লেখ কৰি আজি ছেচন আদালতত তেওঁৰ অধিবক্তাই এখন আবেদন দাখিল কৰিছিল।

আবেদন বিবেচনা কৰাৰ অন্তত অহা ১০ ডিচেম্বৰলৈকে চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ কাৰণে শিলচৰ কেন্দ্ৰীয় কাৰাগাৰ কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে আদালতে।

শুক্ৰবাৰে নিশাৰ ভাগত জেইলৰ পৰা প্ৰদীপ দত্ত ৰয়ক শিলচৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হ’ব৷

Leave a Reply

Your email address will not be published. Required fields are marked *