অপমান! গুৰুজনাৰ ছবি ব্যৱহাৰ কৰি গৰম মছলাৰ ব্যৱসায়

নিউজ ডেস্ক। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ছবি ব্যৱহাৰ কৰি গৰম মছলাৰ ব্যৱসায়।

হয়, এইখন অসমতে সংঘটিত হৈছে এই ঘটনা।

এই নাভূত-নাশ্ৰুত কাণ্ড কৰি তীব্ৰ সমালােচনাৰ লগতে আইনী ব্যৱস্থাৰ সন্মুখীন হৈছে এজন ব্যৱসায়ী।

এই কাণ্ডত ক্ষুব্ধ হৈ পৰিছে জনসাধাৰণৰ লগতে তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা।

বিধায়কজনে আনকি এই ব্যৱসায়ীজনৰ এনে গৰ্হিত কাৰ্যৰ বিৰুদ্ধে তেজপুৰ সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছে।

উল্লেখ্য যে, তেজপুৰৰ চ’ক বজাৰত নিতাই বিশ্বাস নামৰ এজন লোকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ছবিৰ ওপৰত ইলাচি, দালচেনি আদি গৰম মছলাৰ পেকেট ওলমাই গ্ৰাহকক বিক্ৰী কৰি আহিছিল।

নগাঁৱৰ নলতলি নিবাসী এইজন লোকে কেবল তেজপুৰতে নহয় বিভিন্ন স্থানত এনেদৰে ব্যৱসায় চলাই গৈছিল।

গুৰুজনাৰ ছবিৰ তলত গুৰুনাৰ নাম উল্লেখ থকা অংশত মছলাৰ পেকেটসমূহ ওলমাই সেয়া বিক্ৰী কৰি থকা ঘটনা তেজপুৰৰ এক সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান ‘সংকল্প অসম’ৰ কৰ্মকৰ্তাৰ দৃষ্টিগোচৰ হয় আৰু এই সামাজিক-সাংস্কৃতিক অনুষ্ঠানটোৰ তৰফৰ পৰা তেজপুৰ সদৰ থানাত লিখিত অভিযোগ দাখিল কৰিছে চতুৰ ব্যৱসায়ীজনৰ বিৰুদ্ধে।

তেওঁলোকে এই বিষয়ে তথ্যসহ তেজপুৰৰ অগপ বিধায়ক পৃথ্বীৰাজ ৰাভাৰ দৃষ্টিগোচৰ কৰে।

বিধায়কজনে এনে কাৰ্য কোনোপধ্যেই মানি ল’ব নোৱাৰি বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে ব্যৱসায়ী বিশ্বাসৰ বিৰুদ্ধে তেজপুৰ থানাত এজাহাৰ দাখিল কৰে।

Leave a Comment