অসম

স্বাধীনতা দিৱসৰ দিনাই আলফা(স্বাঃ)ক আলোচনাৰ মজিয়ালৈ আহিবলৈ অনুৰোধ মুখ্যমন্ত্ৰীৰ…

আজি দেশজুৰি উদযাপন কৰা হয় ৭৫ সংখ্যক স্বাধীনতা দিৱস।

ক’ভিড প্ৰট’কল মানি অসমতো উদযাপন কৰা হয় স্বাধীনতা দিৱস।

খানাপাৰত প্রথম বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ভাষণত শৰ্মাই ৰাজ্যখনৰ উন্নয়ন তথা শান্তিৰ বাবে আলফা (স্বা)ক মূলসুঁতিলৈ ঘূৰি আহিবলৈ অনুৰোধ জনায়।

তেওঁ কয়- ‘শান্তি আলোচনাৰ বাবে পৰেশ বৰুৱাক আগবাঢ়ি আহিবলৈ মই অসমবাসীৰ হৈ অনুৰোধ জনাইছো। আমাৰ কোনো যুৱক আৰু এই কাৰণত মৃত্যু হ’ব নালাগে’।

উল্লেখ্য যে, এইবাৰ স্বাধীনতা দিৱস বৰ্জন কৰাৰ পৰা বিৰত থাকে আলফা স্বাধীন।

Leave a Reply

Your email address will not be published. Required fields are marked *