শিহৰণকাৰী দুৰ্ঘটনা! মহানগৰীৰ ৰাজপথত পৰি ৰ’ল যুৱতীৰ ছিন্ন মুণ্ড…

গুৱাহাটী মহানগৰীৰ সৰুসজাইত সংঘটিত হৈছে এক শিহৰণকাৰী ঘটনা।

ভয়াবহ দুৰ্ঘটনাত এগৰাকী যুৱতী থিতাতে নিহত হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হয়।

শিহৰণকাৰী দুৰ্ঘটনাটোত মৃত্যু হোৱা যুৱতী গৰাকী নুনমাটিৰ ৰুনু দাস বুলি চিনাক্ত কৰিছে প্ৰশাসনে।

খানাপাৰাৰ পৰা একে দিশেৰে লখৰা অভিমুখে আহি থকা এ এছ ০২ এ চি ৭৬৬২ নম্বৰৰ এখন ট্ৰাকে এ এছ ০১ ই ডব্লিউ ৬৮১৩ নম্বৰৰ এখন বাইকক মহতিয়াই নিয়ে।

দুৰ্ঘটনা ইমানেই ভয়াবহ আছিল যে সৰুসজাইত সংঘটিত দুৰ্ঘটনাগ্ৰস্ত বাইকখন ট্ৰাক সহ উদ্ধাৰ হল প্ৰায় এক কিলোমিটাৰ দূৰৈৰ লখৰাত।

দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে প্ৰাণ হেৰুওৱা যুৱতী গৰাকীৰ মুণ্ড ছিন্ন অৱস্থাত পৰি ৰয় ৰাষ্ট্ৰীয় ঘাইপথত।

আনহাতে গুৰুতৰভাবে আঘাতপ্ৰাপ্ত যুৱকজনক গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ চালক ৰফিকুল ইছলামক আটক কৰিছে গড়চুক আৰক্ষীয়ে।

লগতে চাওকঃ

চৰকাৰৰ উদাসীনতাৰ বিৰুদ্ধে অনুষ্ঠিত হ’ল এক বিশেষ পূজা !

Leave a Comment