শিলচৰৰ মেহেৰপুৰৰ পেট্ৰ’ল পাম্পত লাগিল বাংলা আৰু অসমীয়া ভাষাৰ পোষ্টাৰ…

শিলচৰ মেহেৰপুৰ পেট্ৰ’ল পাম্পত পুনৰ লগোৱা হ’ল পোষ্টাৰ।

এইবাৰ শিলচৰৰ মেহেৰপুৰৰ পেট্ৰ’ল পাম্পত লাগিল দ্বি-ভাষিক পোষ্টাৰ।

প্ৰদীপ দত্ত ৰয় গ্ৰেপ্তাৰ হোৱাৰ পাছতেই বাংলা আৰু অসমীয়া দুয়োটা ভাষাৰে পোষ্টাৰ লগোৱা হ’ল পেট্ৰ’ল পাম্পটোত৷

প্ৰদীপ দত্ত ৰয়ৰ সকীয়নিৰ পাছত পেট্ৰল পাম্পত থকা অসমীয়া ভাষাৰ পোষ্টাৰ আঁতৰাই দিয়া হৈছিল আৰু ইয়াৰ পাছতে মঙলবাৰে পেট্ৰ’ল পাম্পটোত লগোৱা হ’ল নতুন পোষ্টাৰখন।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰীৰ ফটো সম্বলিত ক’ভিড ভেকচিনৰ বাৰ্তা সম্পৰ্কীয় অসমীয়া ভাষাৰ হৰ্ডিং আঁতৰাবলৈ ৪৮ ঘন্টাৰ চূড়ান্ত সময়সীমা বান্ধি দিছিল BDF নেতা প্ৰদীপ দত্ত ৰয়ে।

তাৰ পাছতেই সমগ্ৰ ৰাজ্যজুৰি ঘটনাক লৈ সৃষ্টি হৈছিল তীব্ৰ বিতৰ্কৰ।

পৰৱৰ্তী সময়ত কাছাৰৰ আৰক্ষী অধীক্ষক ৰমনদ্বীপ কৌৰৰ জেৰাৰ অন্তত শনিবাৰে গ্ৰেপ্তাৰ কৰা হৈছিল BDFৰ মুৰব্বী প্ৰদীপ দত্ত ৰয়ক।

লগতে চাওকঃ

চৰকাৰৰ উদাসীনতাৰ বিৰুদ্ধে অনুষ্ঠিত হ’ল এক বিশেষ পূজা !

Leave a Comment