পুনৰ জামিন নাকচ বিতৰ্কিত BDF নেতা প্ৰদীপ দত্ত ৰয়ৰ…

বৰাকত একপ্ৰকাৰৰ অসমীয়া ভাষা নিষিদ্ধ ঘোষণা কৰি ৰঙাঘৰৰ আলহী হোৱা বিৰ্তকিত নেতা প্ৰদীপ দত্ত ৰয়ৰ মুকলি আকাশৰ তললৈ অহা পথ ক্ৰমান্বয়ে যেন কঠিন হৈ পৰিছে।

বাৰে বাৰে জামিন বাবে আবেদন কৰাৰ পিছত মঙলবাৰেও আদালতে নাকচ কৰে BDFৰ মুৰব্বী দত্তৰয়ৰ জামিন আবেদন।

শিলচৰ আদালতত মঙলবাৰে স্বাস্থ্যজনিত কাৰণত প্ৰদীপ দত্ত ৰয়ক চিকিৎসালয়লৈ প্ৰেৰণৰ বাবে জনাইছিল আবেদন।

কিন্তু এই জামিন আবেদন নাকচ কৰিছে আদালতে।

শনিবাৰে গ্ৰেপ্তাৰ হোৱাৰ পাছতেই প্ৰথম জামিন আবেদন কৰিছিল BDF নেতা প্ৰদীপ দত্ত ৰয়ে।

ইয়াৰ পাছত সোমবাৰে দ্বিতীয়বাৰ আৰু মঙলবাৰে পুনৰ তৃতীয়বাৰৰ বাবে জামিন আবেদন কৰিছিল ৰয়ে৷

কিন্তু তিনিবাৰ আবেদনৰ পাছতো নাকচ হ’ল  প্ৰদীপ দত্ত ৰয়ৰ আবেদন।

আদালতে ৬ ডিচেম্বৰৰ ভিতৰত আৰক্ষীক কেচ ডায়েৰী দিয়াৰ নিৰ্দেশ প্ৰদান কৰিছে।

প্ৰাপ্ত খবৰ অনুসৰি দত্ত ৰয়ৰ হৈ আদালতত জামিন আবেদন কৰিছিল ২৫জন অধিবক্তাই।

ইফালে, বিতৰ্কিত নেতা প্ৰদীপ দত্ত ৰয়ক মুক্তিৰ দাবী জনাইছে একাংশ সমৰ্থকে। 

প্ৰদীপ দত্ত ৰয়ক মুক্তি নিদিলে বৰাক বন্ধ ঘোষণা কৰাৰ হুংকাৰ দিছে একাংশ সমৰ্থকে। 

Leave a Comment