ৰাজ্য কঁপোৱা যোৰহাটৰ অনিমেষ ভূঞা হত্যাকাণ্ডৰ মূল অভিযুক্ত নীৰজ দাস ওৰফে ক’লা ল”ৰাৰ মৃত্যু।
নিশা পুলিচৰ গাড়ীৰ পৰা জাপ মাৰি পলায়নৰ চেষ্টা কৰোঁতেই পুলিচৰ আন এখন গাড়ীয়ে খুন্দিয়াই কলা লৰা ওৰফে নীৰজ দাস।
যাৰ ফলত মৃত্যু হয় মূল অভিযুক্ত ক’লা ল’ৰাৰ।
জানিব পৰা মতে, দুৰ্ঘটনাটোত প্ৰথমে আঘাতপ্ৰাপ্ত ক’লা ল’ৰাক যোৰহাট মেডিকেল কলেজত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।
দুৰ্ঘটনাত আন তিনিজন আৰক্ষী বিষয়াও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে।
ইপিনে ক’লা ল’ৰা নিহত হোৱাৰ পিছতে জি পি সিঙৰ টুইট।
দুৰ্ঘটনাত নিহতৰ পিছতে পুৱা ২ বাজি ২৯ মিনিটত লিখিছে-প্ৰতিটো কাৰ্য বা কামৰে সমান আৰু বিপৰীত প্ৰতিক্ৰিয়া হয়।










