আৰক্ষীৰ অভিযানত জব্দ গৰু কঢ়িওৱা ৬ খন ট্ৰাক, আটক ৭ সৰবৰাহকাৰী

নিউজ ডেস্ক। অসমৰ মাজেৰে বাংলাদেশলৈ অব্যাহত আছে গৰুৰ চােৰাং বেহা।

সমান্তৰালভাৱে অসম আৰক্ষীয়েও এনে আন্তঃৰাষ্ট্ৰীয় চােৰাং চক্ৰৰ বিৰুদ্ধে অব্যাহত ৰাখিছে তীব্ৰ অভিযান।

শেহতীয়াকৈ মহানগৰীৰ পাৰ্শ্বৱৰ্তী ক্ষেত্ৰীত জব্দ হ’ল বৃহৎ সংখ্যক গৰু কঢ়িওৱা ৬ খন ট্ৰাক।

গােপন সূত্ৰৰ ভিত্তিত ক্ষেত্ৰী আৰক্ষীয়ে পুৱাৰ ভাগত ডিমৰীয়া কলেজ গে’টত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ৬ খনকৈ ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়।

আটাইকেইখন ট্ৰাকতে অবৈধভাৱে সৰবৰাহ কৰি অনা ১০৯ টাকৈ গৰু জব্দ কৰাৰ লগতে ৭ গৰাকীকৈ সৰবৰাহকাৰীকাে আটক কৰিবলৈ সক্ষম হয়।

আটকাধীন লোককেইজন নাম আব্দুল, ইক্ৰামুল হুছেইন, দীপক দাহাল, ছয়দুল তালুকদাৰ, মখিৰুল ইছলাম, জামিৰ উদ্দিন আৰু আমিৰ কৰ্মকাৰ বুলি জানিব পৰা গৈছে।

আটকাধীন লোককেইজনৰ ঘৰ নগাঁৱত বুলি জানিব পৰা গৈছে।

গৰুসমূহ শিৱসাগৰ, তেজপুৰৰ পৰা মেঘালয় নমাইললৈ নি থকা অৱস্থাত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে মেঘালয়ৰ পৰা আন্তঃৰাষ্ট্ৰীয় সীমান্তৰে বাংলাদেশলৈ গৰুৰ চােৰাং বেহা এতিয়াও সৰবৰাহ অব্যাহত আছে।

Leave a Comment