চামগুৰি সমষ্টিৰ প্ৰাক্তন অগপ বিধায়ক অতুল কুমাৰ শৰ্মাৰ বিয়োগ।
মঙলবাৰে বিয়লি ৫.৫০ বজাত গুৱাহাটী মেডিকেল কলেজ হাস্পতালত মৃত্যুক সাৱটি লয় প্ৰাক্তন বিধায়ক গৰাকীয়ে।
২৫ নৱেম্বৰৰ নিশা শৰ্মা হৃদৰোগত আক্ৰান্ত হোৱাত পৰিয়ালে গুৱাহাটী ডাউন টাউনত ভৰ্তি কৰাইছিল।
কিন্তু সোমবাৰে শৰ্মাক গুৱাহাটী মেডিকেল কলেজলৈ নিয়াৰ পিছত মঙলবাৰে বিয়লি শেষ নিশ্বাস ত্যাগ কৰে।
১৯৯৬ চনৰ পৰা ২০০১ চনলৈকে চামগুৰিত অগপ দলৰ বিধায়ক হিচাপে আছিল অতুল কুমাৰ শৰ্মা।
উল্লেখ্য যে, ১৯৮৫ চনত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতিৰ দায়িত্ব ন্যস্ত হৈছিল যদিও প্ৰয়াত শৰ্মাই প্ৰত্যক্ষ ৰাজনীতিৰে জৰিত হোৱাৰ ইচ্ছাৰে সভাপতিৰ দায়িত্ব নলৈ অসম গণ পৰিষদত যোগদান কৰিছিল।
মৃত্যুৰ সময়ত প্ৰয়াত শৰ্মাই পত্নী, পুত্ৰ, কন্যাকে ধৰি বহু আত্মীয়ক এৰি থৈ যায়।









