অসম

অনিমেষ হত্যাকাণ্ডৰ মূল অভিযুক্ত নীৰজ দাস ওৰফে ক’লা ল’ৰাক হাজিৰ কৰা নহ’ল আদালতত, কিয়?

যোৰহাটৰ মাজমজিয়াত সংঘটিত হোৱা অনিমেষ ভূঞা হত্যাকাণ্ডই জোকাৰিছে সমগ্ৰ ৰাজ্য।

দিন দুপৰতে একাংশ উন্মত্ত লোকে বৰ্বৰভাৱে মৰিয়াই মৰিয়াই হত্যা কৰিছিল ছাত্ৰনেতা অনিমেষক।

আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰা ১৩ অভিযুক্তৰ ভিতৰত মঙলবাৰে ১২অপৰাধীক হাজিৰ কৰায় আদালতত।

আদালতত হাজিৰ কৰোৱা মুঠ ১২ অভিযুক্তৰ ৭ অভিযুক্তক ৫ দিনৰ আৰক্ষীৰ জিম্মাত আৰু ৫ জনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়।

অৱশ্যে মূল অভিযুক্ত ক’লা ল”ৰা খ্যাত নীৰজ দাসক হাজিৰ কৰোৱা নহ’ল আদালতত।

ৰাইজে সৃষ্টি কৰা উত্তপ্ত পৰিস্থিতিৰ মাজত ক’লা গুণ্ডাক স্বাস্থ্য পৰীক্ষা কৰোৱা নহল।

যাৰ বাবে আদালতত হাজিৰ কৰোৱা নহল ক’লা লৰাক।

উল্লেখ্য যে, যোৰহাট জিলা ন্যায়িক দণ্ডাধীশৰ আদালতৰ হাজিৰ কৰোৱা হৈছিল ১২ অভিযুক্তক।

Leave a Reply

Your email address will not be published. Required fields are marked *