অসম

ৰাজ্যত ভয়ংকৰ গণপ্ৰহাৰৰ ঘটনা, অৰ্ধশতাধিক লোকৰ আক্ৰমণত নিহত ছাত্ৰ নেতা…

ৰাজ্যত সংঘটিত হৈছে এক ভয়ংকৰ গণ প্ৰহাৰৰ ঘটনা।

অৰ্ধশতাধিক লোকৰ প্ৰহাৰত মৃত্যুক সাৱটিলে গোলাঘাটৰ অনিমেষ ভূঞা নামৰ এজন যুৱকে।

যোৰহাটৰ মাজ মজিয়াত সোমবাৰে সংঘটিত হয় এই ভয়ংকৰ ঘটনা।

গোলাঘাটৰ ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক আছিল নিহত অনিমেষ ভূঞা। 

যোৰহাট চহৰৰ মাজমজিয়াতে কেইজনমান যুৱকে গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰে ছাত্ৰ নেতাজনক।

কিন্তু কিয় এই ঘটনা সংঘটিত হ’ল বৰ্তমানেও ইয়াৰ সঠিক কাৰণ জানিব পৰা হোৱা নাই।

ঘটনাস্থলীত যোৰহাট আৰক্ষী উপস্থিত হৈ আঘাতপ্ৰাপ্ত যুৱকজনক সংকটজনক অৱস্থাত যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে মৃত ঘোষণা কৰে অনিমেষ ভূঞাক।

ছাত্ৰনেতাগৰাকীৰ মৃত্যুৰ খবৰে খকন্দগুৰিৰ বাসগৃহত সৃষ্টি হয় শোকাকুল পৰিৱেশৰ।

শীঘ্ৰেই দোষীক কৰায়ত্ত কৰি উচিত শাস্তি প্ৰদান কৰাৰ দাবী তুলিছে অঞ্চলবাসীৰ লগতে দল সংগঠনে।

Leave a Reply

Your email address will not be published. Required fields are marked *