অসমঅসমীয়া

নতুন কৌশল! তেল পৰিবাহী টেংকাৰৰ পৰা জব্দ ১০ টাকৈ ম’হ, দুজনক গ্ৰেপ্তাৰ

নিউজ ডেস্ক। অসম আৰক্ষীয়ে অবৈধভাৱে পশুধন সৰবৰাহৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ মাজতে নিতৌ নতুন নতুন কৌশলেৰে বহিঃৰাজ্যৰ পৰা অসমলৈ পশুধন সৰবৰাহ অব্যাহত আছে।

এইবাৰ তেল পৰিবাহী টেংকাৰৰ পৰা জব্দ কৰা হৈছে ১੦ টাকৈ ম’হ।

কোকৰাঝাৰ জিলাৰ শ্ৰীৰামপুৰত শিমুলটাপু আৰক্ষীয়ে বহিঃৰাজ্যৰ পৰা অসমত প্ৰৱেশ কৰা বাহনৰ পৰা জব্দ কৰে ম’হ।

vlcsnap-2021-11-29-16h39m06s419

শিমুলটাপু আৰক্ষীয়ে এক বিশএষ সূত্ৰৰ পম খেদি শ্ৰীৰামপুৰ গেট পাৰ হৈ যোৱা এইচ আৰ-৩৮ ডব্লিউ-০১৯১ নম্বৰৰ তেলৰ টেংকাৰখন জব্দ কৰি তালাচী চলায়।

তালাচী কালত টেংকাৰখনৰ ভিতৰৰ পৰা ১০টা ম’হ উদ্ধাৰ কৰে।

তথ্য মতে, টেংকাৰখনে শ্ৰীৰামপুৰ গেট পাৰ হৈ যোৱাৰ পথত এন আৰ এল তেল ডিপ’ৰ সন্মুখত ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা জব্দ কৰে।

vlcsnap-2021-11-29-16h39m15s908

লগতে এই অবৈধ পশুধন সৰবৰাহত জড়িত থকাৰ অভিযোগত মহম্মদ বিলাল (২৪) আৰু আশু (২৩) নামৰ দুই যুৱকক গ্ৰেপ্তাৰ কৰে।

ধৃত দুই যুৱকৰ ঘৰ উত্তৰ প্ৰেদশত।

আৰক্ষীৰ জেৰাত দুয়ো স্বীকাৰ কৰা মতে, ম’হকেইটা বিহাৰৰ পৰা মেঘালয়লৈ সৰবৰাহ কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *