অসম

মা কামাখ্যা দেৱালয়ৰ নিৰ্বাচন সম্পন্ন, দলৈ পদত নিৰ্বাচিত কবিন্দ্ৰ প্ৰসাদ শৰ্মা…

দেওবাৰে অনুষ্ঠিত শ্ৰীশ্ৰী মা কামাখ্যা দেৱালয়ৰ দলৈ পদৰ নিৰ্বাচনত সৰ্বাধিক ২২০ টা ভোট লাভ কৰি কবিন্দ্ৰ প্ৰসাদ শৰ্মাই দলৈ পদ লাভ কৰিবলৈ সক্ষম হয়।

ইয়াৰ বিপৰীতে ১৭২ টা ভোট লাভ কৰি সৰু দলৈ পদ লাভ কৰে হিমাদ্ৰী শৰ্মাই।

পুৱা ৮ বজাৰ পৰা অনুষ্ঠিত নিৰ্বাচনত ৩৮৪ জন ভোটাৰে মুঠ ৫ জন প্ৰাৰ্থীৰ প্ৰতিদন্দ্বিতাত ভোট সাব্যস্ত কৰিছিল।

অন্যান্য প্ৰাৰ্থীসকলে লাভ কৰা ভোটৰ সংখ্যা এনেধৰণৰ- মহিত শৰ্মা- ১৬৬ টা,  মানস শৰ্মা -১৬২ টা,  ফণীন্দ্ৰ নাথ শৰ্মা- ২৬ টা।

আজি ভোটদান সাব্যস্ত কৰা মুঠ ৩৮৪ টা ভোটৰ ভিতৰত ১১ টা ভোট নাকচ হয়।

সমগ্ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়াটোত অতিৰিক্ত উপায়ুক্ত গুণজিৎ ৰায় চৌধুৰী নিৰ্বাচনী বিষয়া হিচাপে নিয়োজিত থকাৰ বিপৰীতে গুৱাহাটী চক্ৰ বিষয়া লক্ষ্যজিৎ দুৱৰীয়া সহকাৰী নিৰ্বাচনী বিষয়া হিচাপে নিয়োজিত আছিল।

আনহাতে,  এই নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই পুৱাৰ ভাগত নিৰ্বাচন অনুষ্ঠিত স্থানত উপস্থিত থাকি নিৰ্বাচন প্ৰক্ৰিয়া নিৰীক্ষণ কৰে।

উল্লেখ্যযোগ্য যে, প্ৰতি ৫ বছৰৰ অন্তৰে অন্তৰে মা কামাখ্যা দেৱালয়ৰ বৰ দলৈ আৰু সৰু দলৈ পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *