মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভ কৰিলে অসম মাইক্ৰ’-ফাইনেন্স উদগনি আৰু ৰেহাই আঁচনি…

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰিলে অসম মাইক্ৰ’-ফাইনেন্স উদগনি আৰু ৰেহাই আঁচনি।

তেজপুৰ কলেজিয়েট উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজিত এক অনুষ্ঠানত অসম মাইক্ৰ’ফাইনেন্স উদগণি আৰু ৰেহাই আঁচনি,২০২১ শীৰ্ষক অভিলাষী আঁচনিখন আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে।

অনুষ্ঠানত নিয়মিতভাৱে ঋণ আদায় কৰা প্ৰথম শ্ৰেণীৰ মাইক্ৰ’ ফাইনেন্সৰ হিতাধিকাৰীক আনুষ্ঠানিকভাৱে উদগনিমূলক সাহায্য হিচাপে ২৫ হাজাৰ টকাকৈ চেক প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। 

অনুষ্ঠানত মুখ্য মন্ত্ৰীয়ে বিভিন্ন ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ গ্ৰহণ কৰা পাঁচ গৰাকী মহিলাক প্ৰতিকী হিচাপে ঋণ ৰেহাইৰ চেক প্ৰদান কৰি আঁচনিখন শুভাৰম্ভ কৰে।

Image

ৰাজ্যখনৰ মুঠ ২৪ লাখ ঋণগ্ৰস্ত মহিলা উপকৃত হবলগীয়া এই আঁচনিৰ অধীনত শোণিতপুৰ জিলাৰ ৫৯,৪৬৮ গৰাকী মহিলাৰ প্ৰতিগৰাকীয়ে ১৬ হাজাৰ টকাৰ পৰা ২৫ হাজাৰ টকা পৰ্যন্ত ঋণ ৰেহাইৰ চেক লাভ কৰিব।

পৰৱৰ্তী সময়ত দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ হিতাধিকাৰীসকলৰ মাজতো একেধৰণে পৰ্যায়ক্ৰমে সাহায্য প্ৰদান কৰা হ’ব।

আজি শুভাৰম্ভ কৰা আঁচনিখনৰ প্ৰথম পৰ্যায়ত নিয়মীয়াভাৱে ঋণ পৰিশোধ কৰি থকা প্ৰায় ১১ লাখ মহিলালৈ ২৫ হাজাৰ টকা পৰ্যন্ত উদগণি আগবঢ়োৱা হব বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰীয়ে এই মহিলা সকলক তেওঁলোকৰ ঋণৰ বাকী থকা কিস্তি সমূহো নিয়মীয়াভাৱে পৰিশোধ কৰি যাবলৈ আহ্বান জনায়।

লগতে, অৰুণোদয় আঁচনিৰ অধীনত মাহিলি সাহায্যৰ পৰিমাণ পৰ্যায়ক্ৰমে বৃদ্ধি কৰি ৰাজ্যৰ প্ৰতিঘৰ দুখীয়া মানুহকে যাতে এই আঁচনিৰ অধীনত সামৰি ল’ব পৰা যায়, তাৰ বাবে প্ৰতিটো বিধানসভা সমষ্টিতে অতিৰিক্ত ৫০০০ হিতাধিকাৰীক ‘অৰুণোদয়’ৰ সুবিধা প্ৰদান কৰাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

Leave a Comment