আৰক্ষীৰ জালত পিষ্টলসহ দুই অপৰাধী, জব্দ বহু পৰিমাণৰ নিচাযুক্ত সামগ্ৰী…

নগাঁও আৰক্ষীৰ জালত পিষ্টলসহ দুই অপৰাধী।

আৰক্ষীয়ে অভিযান চলাই জিলাখনৰ ৰাঙলুৰ পৰা বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰীসহ এটা পইণ্ট ৩২ পিষ্টল জব্দ কৰিবলৈ সক্ষম হয়।

নগাঁও সদৰ আৰক্ষী থানাত এক সংবাদমেলযোগে এই কথা সদৰি কৰি নগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃদুল বৰাই কয় যে, এই সন্দৰ্ভত ফইজুল ইছলাম আৰু ছিদ্দিক আলী নামৰ দুজনক গ্ৰেপ্তাৰ কৰা হৈছে৷

তেওঁলোকৰ হাতৰ পৰা এটা পিষ্টল, ৯টা সজীৱ গুলী, এটা মেগজিন, বুজন পৰিমাণৰ সন্দেহজনক হেৰ’ইনসহ নিচাযুক্ত ঔষধ আৰক্ষীয়ে জব্দ কৰে৷

এই লোক দুজনে পিষ্টলৰে বিভিন্নজনক ভয় ভাবুকি প্ৰদান কৰি বিভিন্ন অপৰাধজনিত ঘটনা সংঘটিত কৰি আহিছিল বুলি আৰক্ষীয়ে জানিব দিয়ে।

তদুপৰি তেওঁলোকে জিলাখনৰ বিভিন্ন ঠাইত নিচাযুক্ত ঔষধৰ ৰমৰমীয়া ব্যৱসায় চলায় আহিছিল।

আৰক্ষীয়ে দুয়োজনক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।

Leave a Comment