আৰক্ষী-BSFৰ বৃহৎ সফলতা, একেলগে ১০ কোটি টকাৰ নিচাজাতীয় টেবলেট জব্দ…

আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীৰ যুটীয়া অভিযানত বৃহৎ সফলতা।

অভিযানত ১০ কোটি টকাৰ নিচাজাতীয় টেবলেট জব্দ।

অসমত একেলগে বৃহৎ পৰিমাণৰ ইয়াবা টেবলেট জব্দ হোৱাৰ সকলো অভিলেখ ভংগ কৰিলে কৰিমগঞ্জ আৰক্ষী আৰু সীমান্ত আৰক্ষীৰ এক যুটীয়া অভিযানে।

কৰিমগঞ্জ জিলাৰ নিলামবজাৰ থানা এলাকাৰ পূব বালিয়া গাঁৱৰ পৰা কৰিমগঞ্জ আৰক্ষী আৰু সীমান্ত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় ২,৫৯,২০০ ইয়াবা টেবলেট।

উদ্ধাৰ কৰা টেবলেট খিনিৰ বজাৰ মূল্য প্ৰায় ১০ কোটি টকা।

সীমান্ত সুৰক্ষা বাহিনীৰ পৰা তথ্য লাভ কৰি পূব বালিয়াত অভিযান চলাই কৰিমগঞ্জ আৰক্ষীয়ে উদ্ধাৰ কৰে টেবলেটখিনি।

এই ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত ছামছুন্নুৰ নামৰ এজন ব্যক্তিক আটক কৰা হৈছে।

ইপিনে অভিযানৰ উমান পায় সমাগ্ৰী খিনি তাতেই এৰি দুগৰাকি ব্যক্তিয়ে পলায়ন কৰে বুলি জানিব পৰা গৈছে।

কেইবাঠাইতো মাটি খান্দি আৰক্ষীয়ে জব্দ কৰে নিচাজাতীয় টেবলেটখিনি।

Leave a Comment