অসম

‘মিছা গোচৰত মোক গ্ৰেপ্তাৰ কৰিছে, মোক হত্যাৰ পৰিকল্পনা কৰা হৈছে’- প্ৰদীপ দত্ত ৰয়…

অৱশেষত শনিবাৰে গ্ৰেপ্তাৰ কৰা হয় অসমীয়া বিদ্বেষী বিতৰ্কিত নেতা প্ৰদীপ দত্ত ৰয়ক।

গ্ৰেপ্তাৰৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিডিএফৰ নেতা প্ৰদীপ দত্ত ৰয়ে।

প্ৰদীপ দত্তই কয়- ‘মিছা গোচৰত মোক গ্ৰেপ্তাৰ কৰিছে। জেলত মোক হত্যাৰ পৰিকল্পনা কৰা হৈছে। অসমত বাংলা ভাষা আৰু বঙালী সকলৰ অৱস্থা বিপদাপন্ন।

গ্ৰেপ্তাৰৰ পাছতে অসমত বঙালী সকলক বিপদ পৰা বুলি অভিযোগ তুলি পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সহায় বিচাৰিছে বৰাক ডেম’ক্ৰেটিক ফ্ৰণ্টৰ মুখ্য আহ্বায়ক প্ৰদীপ দত্ত ৰয়ে।

প্ৰদীপ দত্ত ৰায়ে অসমৰ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰত তেওঁক কাৰাগাৰৰ ভিতৰত হত্যা কৰিব বিচাৰিছে বুলিও অভিযোগ কৰে।

সংবাদমাধ্যমৰ আগত তেওঁ কয়- ‘অসমৰ মুখ্যমন্ত্ৰীয়ে মোক কাৰাগাৰৰ ভিতৰত হত্যা কৰিব বিচাৰিছে যাৰ বাবে তেওঁ মোৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ লগাইছে। মই পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক ইয়ালৈ আহি অসমত বঙালীৰ অৱ্স্থাৰ বিষয়ে চাবলৈ আহ্বান জনাইছো। আমি বিপদত আছো অনুগ্ৰহ কৰি আমাক সহায় কৰক।’

Leave a Reply

Your email address will not be published. Required fields are marked *