অসমঅসমীয়া

বুলেট বাইকৰ সৈতে সংঘৰ্ষ, পথতে লুটি খাই পৰিল ৰন্ধন গেছৰ চিলিণ্ডাৰ কঢ়িওৱা ট্ৰাক

নিউজ ডেস্ক। কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ অন্তৰ্গত গৰৈমাৰী চৌতাৰত ভয়ংকৰ পথ দুৰ্ঘটনা।

ৰন্ধন গেছৰ চিলিণ্ডাৰ ভৰ্তি এ এছ-০১ এইচ চি-৫৮১৪ নম্বৰৰ ট্ৰাক আৰু এ এছ-০১ বি জেড-৫৯০৫ নম্বৰৰ বুলেট মটৰ চাইকেলৰ মুখামুখী সংঘৰ্ষ।

দুৰ্ঘটনাত ট্ৰাক চালক, হেণ্ডিমেনসহ বাইক চালক গুৰুতৰভাৱে আহত হয়।

আহত আটাইকেইগৰাকীকে গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয়।

চিলিণ্ডাৰ ভৰ্তি ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই অৱশেষত এটা পুখুৰীত বাগৰি পৰে।

গৰৈমাৰী-সোণতলী পথৰ চৌতাৰত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘনাটো।

ৰন্ধন গেছৰ চিলিণ্ডাৰত জুইৰ সূত্ৰপাত নােহােৱাৰ বাবেই সৌভাগ্যক্ৰমে ভয়াৱহ অঘটনৰ পৰা ৰক্ষা পৰে বৃহত্তৰ অঞ্চলটাে।

লগতে চাওকঃ

এম্বুলেন্সৰ সৈতে ট্ৰাকৰ মুখামুখি সংঘৰ্ষত ৰােগীসহ ৪ জনৰ শােকাৱহ মৃত্যু

Leave a Reply

Your email address will not be published. Required fields are marked *