
বিগত ১৬ দিনে কোনো সন্ধান নাই পলাতক বন বিষয়া অৰুপ বৈশ্যৰ
নিউজ ডেস্ক। বন তথা বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে নিয়ােজিত একাংশ বন বিষয়া তথা কৰ্মচাৰী নিজেই নামি পৰিছে বন ধ্বংস তথা বন্যপ্ৰাণীৰ চােৰাং চিকাৰত।
তেনে এগৰাকী বন বিষয়া হৈছে অৰূপ বৈশ্য।
শুৱালকুছিৰ এই কুখ্যাত বন বিষয়া অৰূপ বৈশ্যক আত্মসমৰ্পনৰ বাবে দিয়া ৩য় খন জাননীৰ সময়সীমা উকলিল।
বিগত ষোল্ল দিনে পলাতক অৱস্থাত আছে কুখ্যাত বন বিষয়া অৰূপ বৈশ্য।
এতিয়াও বন বিভাগে অৰূপ বৈশ্যৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই।
বন বিষয়া অৰূপ বৈশ্যৰ বিৰুদ্ধে বন্যপ্ৰাণী সুৰক্ষা আইনৰ ১৯৭২ অধীনত জাৰি কৰিছিল তিনিখনকৈ আত্মসমৰ্পণৰ জাননী।
অন্তিমখন জাননীৰো সময়সীমা উকলী যোৱাৰ পিছতেই এতিয়া জামিন বিহীন ধাৰাত গ্ৰেপ্তাৰ হোৱাটো নিশ্চিত হৈছে অৰূপ বৈশ্য।
উল্লেখযোগ্য যে বনদস্যু অৰূপ বৈশ্যৰ শুৱালকুছিৰ বাসগৃহ আৰু বংশৰৰ বৰবাৰী পাহাৰৰ ফাৰ্ম হাউচত উদ্ধাৰ হৈছিল বন্যপ্ৰাণীৰ অংগ-প্ৰত্যংগ, দুটাকৈ বন্দুক, দুডাল কেঁকোসাপ আৰু বৃহৎ পৰিমাণৰ সজীৱ গুলী।
চোৰাং চিকাৰত ব্যৱহাৰ হোৱা সজুলিও উদ্ধাৰ হৈছিল অৰূপৰ বৰবাৰী পাহাৰৰ বাসগৃহত।
ৰক্ষকৰূপী ভক্ষক বন বিষয়া কুখ্যাত অৰূপ বৈশ্যৰ বাসগৃহত এই সামগ্ৰীসমূহ জব্দ হোৱাৰ পিছতেই পলাতক অৱস্থাত আছিল কুখ্যাত বনদস্যু বন বিষয়া অৰূপ বৈশ্য।
লগতে চাওকঃ
মানসিক ভাৰসাম্যহীন ব্যক্তিৰ নিৰ্মম আক্ৰমণত আৰক্ষী বিষয়া, ২ সন্তানসহ নিহত ৫





