অসম

পুনৰ এনকাউণ্টাৰ! আৰক্ষীৰ গুলীত আহত গৰু মাফিয়া খাইৰুল ইছলাম…

গৰু মাফিয়াৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ অভিযান।

চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ কোকৰাঝাৰ আৰক্ষী।

গৰু মাফিয়াৰ বিৰুদ্ধে কোকৰাঝাৰ আৰক্ষীৰ গুলী চালনা।

আৰক্ষীৰ গুলীত আহত খাইৰুল ইছলাম(৩৩)।

আহত খাইৰুল ইছলামৰ ঘৰ জাউলিয়াপাৰাত।

গৰু-ম’হৰ চোৰাং সৰবৰাহৰ সৈতে জড়িত আছিল খাইৰুল ইছলাম।

চোৰাংকৈ বাংলাদেশলৈ প্ৰেৰণ কৰিছিল গৰু- ম’হ।

খাইৰুলক প্ৰথমে আটক কৰে আৰক্ষীয়ে। ইয়াৰ পিছতে খাইৰুলক আন সহযোগীৰ ঘৰ দেখুৱাবলৈ আৰক্ষীয়ে কাক্ৰিখোলালৈ লৈ যায়।

কাক্ৰিখোলাত লৈ যোৱাৰ সময়তে আৰক্ষী পৰিদৰ্শক দিব্যজ্যোতি কলিতাৰ পিষ্টল লৈ পলায়নৰ চেষ্টা কৰে খাইৰুলে।

ফলত আৰক্ষীয়ে খাইৰুলক উদ্দেেশ্যি গুলী চালনা কৰে। সোঁভৰিৰ আঠুৰ তলত গুলী লাগে খাইৰুলৰ।

আৰক্ষীয়ে প্ৰথমে কোকৰাঝাৰ আৰ এন বি চিকিৎসালয়ত ভৰ্তি কৰায় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে বৰপেটা মেডিকেল লৈ প্ৰেৰণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *