অসম

কাৰাগাৰতে পুনৰ গ্ৰেপ্তাৰ কৰা হ’ল বিতৰ্কিত মডেল ৰাজকন্যা বৰুৱাক…

কাৰাগাৰতে পুনৰ গ্ৰেপ্তাৰ কৰা হ’ল বিতৰ্কিত মডেল ৰাজকন্যা বৰুৱাক।

গুৱাহাটীৰ ৰাজপথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত কৰি ৰঙা ঘৰৰ আলহী হোৱা ৰাজকন্যা বৰুৱাক পুনৰ কেন্দ্ৰীয় কাৰাগাৰত গ্ৰেপ্তাৰ কৰা হৈছে।

দিচপুৰ আৰক্ষীয়ে শুকুৰবাৰে কাৰাগাৰতে ‘শ্ব’ন এৰেষ্ট’ (ন্যায়িক জিম্মাত থকা অৱস্থাত আন এটা গোচৰত গ্ৰেপ্তাৰ) কৰে ৰাজকন্যা বৰুৱাক।

উল্লেখ্য যে প্ৰথম গোচৰটোত লাভ কৰা জামিন বুধবাৰে নাকচ কৰিছিল সত্ৰ ন্যায়াধীশৰ আদালতে।

দিচপুৰ থানাৰ ৩৬১৬/২০২১ নম্বৰৰ গোচৰটোত গ্ৰেপ্তাৰৰ পিছ দিনাই জামিন পাইছিল ৰাজকন্যাই।

জামিনৰ পিছতে চৰকাৰী পক্ষই জামিন আবেদন নাকচৰ বাবে সত্ৰ ন্যায়াধীশৰ আদালতত আবেদন জনাইছিল।

সেই আবেদনৰ শুনানী গ্ৰহণ কৰি বুধবাৰে ৰাজকন্যাৰ জামিন নাকচ কৰে৷ আৰু এই জামিন নাকচৰ পিছতে শুকুৰবাৰে পুনৰ গ্ৰেপ্তাৰ কৰা হয় ৰাজকন্যা বৰুৱাক।

গ্ৰেপ্তাৰ কৰি CJM আদালতত হাজিৰ কৰোৱা হৈছে ৰাজকন্যা বৰুৱাক

উল্লেখ্য যে, ২ অক্টোবৰৰ নিশা মাতাল মডেল গৰাকীৰ গাড়ীৰ খুন্দাত আহত হোৱা ৮ জন লোকক সংকটজনক অৱস্থাত জিএমচিএইচত ভৰ্তি কৰাব লগা হৈছিল৷ দুৰ্ঘটনাত ইতিমধ্যে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা যোচেফ মাৰাকাৰৰ আজি কিছুদিনৰ আগতে মৃত্যু হৈছে৷

লগতে চাওকঃ দ্য বাৰ্নিং ট্ৰেন! চলন্ত ৰে’লত ভয়ংকৰ অগ্নিকাণ্ড

বিবাহ অনুষ্ঠানত অংশ ল’বলৈ গৈ নিঃশেষ হ’ল এটা পৰিয়াল…

Leave a Reply

Your email address will not be published. Required fields are marked *