অসমঅসমীয়া

বন বিভাগৰ অভিযানত জব্দ চােৰাং কাঠভৰ্তি ডিআই বাহন

নিউজ ডেস্ক। ৰাজ্যৰ অব্যাহত আছে বন সম্পদৰ চােৰাং বেহা। বিশেষকৈ কামৰূপ জিলাৰ অসম-মেঘালয় সীমান্তৱৰ্তী অঞ্চলত পূৰ্ণ গতিত চলিছে বন ধ্বংস অভিযান।

ইপিনে, বন বিভাগে গােপন সূত্ৰৰ পম খেদি কামৰূপ জিলাৰ পলাশবাৰীৰ লোহাৰঘাটত জব্দ কৰে চোৰাং কাঠ ভৰ্তি ডি আই বাহন।

অসম-মেঘালয় সীমান্তৰ পৰা নম্বৰবিহীন ডি আই গাড়ীৰ বন বিভাগৰ লোকে কাঠ ভৰ্তি ডি আইখন জব্দ কৰাৰ লগতে চালকসহ হেণ্ডিমেনকো গ্ৰেপ্তাৰ কৰে।

চালক-হেণ্ডিমিনৰ নাম ক্ৰমে কৌশিক আলী আৰু কাবুল আলী বুলি জানিব পৰা গৈছে।

সম্প্ৰতি ডিআই গাড়ী জব্দকৃত কাঠৰ সৈতে লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ত ৰখা হৈছে।

উক্ত জব্দকৃত কাঠখিনিৰ মূল্য অৰ্ধ লক্ষাধিক টকা বুলি অনুমান কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *