
কাছাৰত বোমা উদ্ধাৰৰ লগত জড়িত ৪ অভিযুক্তক গ্ৰেপ্তাৰ, কৰিছিল এই পৰিকল্পনা…
কাছাৰত বোমা উদ্ধাৰৰ লগত জড়িত ৪ অভিযুক্ত আৰক্ষীৰ জালত।
বৃহস্পতিবাৰে নিশা কাছাৰ আৰক্ষীয়ে মহিলা সহ চাৰি জনক গ্ৰেপ্তাৰ কৰে।
গ্ৰেপ্তাৰ কৰা লোককেইজন ক্ৰমে আহমেদ হুছেইন, আব্দুল চাহিদ চৌধুৰী, চালাহ উদ্দিন আৰু লাকিবুন নেছা।
কাছাৰৰ আৰক্ষী অধীক্ষক ৰমনদীপ কৌৰে জনাই যে, লক্ষীপুৰ মনিপুৰ সীমান্তত বোমা বিষ্ফোৰণ কৰাৰ এক ভয়ংকৰ ষড়যন্ত্ৰ ৰচিছিল ধৃত কেইজনে৷
ৰাষ্ট্ৰীয় ঘাইপথে দি অহা যোৱা কৰা মনিপুৰৰ চৰকাৰী বিষয়বৱীয়া সকলক হত্যাৰ পৰিকল্পনা আছিল চাৰি গৰাকীয়ে৷
উল্লেখ্য যে, দুদিন পূৰ্বে কাছাৰৰ লক্ষীপুৰত মনিপুৰ সংযোগী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এটা কালভাৰ্টৰ তলত এটা আইইডি বোমা উদ্ধাৰ কৰিছিল আৰক্ষীয়ে৷
পিছত বোমা বিশেষজ্ঞ দলে নিষ্ক্ৰিয় কৰিছিল বোমাটো৷





