অসম

সম্পূৰ্ণ ৰূপে সাজু বিত্ত বিভাগ, এবছৰৰ ভিতৰতে হ’ব ১ লাখ নিযুক্তি পৰ্বঃ বিত্তমন্ত্ৰী…

নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি ১ লাখ নিৱনুৱাক নিযুক্তি দিয়াৰ বাবে আগবাঢ়িছে ৰাজ্য চৰকাৰ।

এবছৰৰ ভিতৰতে হ’ব ১ লাখ নিযুক্তি পৰ্ব। তৃতীয়–চতুৰ্থ বৰ্গৰ পদৰ একেলগে হ’ব বাচনি পৰীক্ষা। ১ লাখ নিযুক্তি দিবলৈ সম্পূৰ্ণ ৰূপে সাজু বিত্ত বিভাগ।

কেবিনেট সিদ্ধান্ত অনুসৰি নিযুক্তি পৰ্বৰ বাবে গঠন আয়োগ। আযোগৰ নিয়ন্ত্ৰণত হ’ব নিযুক্তি পৰ্ব।

এই কথা সদৰি কৰিছে বিত্ত মন্ত্ৰী অজন্তা নেওগে।

আনহাতে, প্ৰতিগৰাকী শিশুয়ে লাভ কৰিব লাগিব অংগনাৱাড়ীৰ খাদ্য। পেকেট কৰা খাদ্য সকলো শিশুক প্ৰদানৰ নিৰ্দেশ।

অংগনৱাড়ীৰ খাদ্যক লৈ প্ৰতিখন জিলাৰ উপায়ুক্তলৈ সমাজ কল্যাণ বিভাগৰ মন্ত্ৰীৰ কঠোৰ নিৰ্দেশনা।

ক’ভিড মহামাৰীৰ বাবে বন্ধ হৈ আছিল অংগনাবাড়ীৰ খাদ্য। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰভাৱ অংগণাৱাড়ীৰ কেন্দ্ৰৰ খাদ্য যোগানত নপৰে বুলিও মন্তব্য অজন্তা নেওগৰ।

পূৰ্বৰ ফলক অনুসৰি যোগান ধৰা হ’ব খাদ্য।

লগতে চাওকঃ

আপােনাৰ দিনটােৰ ৰাশিফল

আপােনাৰ সাপ্তাহিক ৰাশিফল

Leave a Reply

Your email address will not be published. Required fields are marked *