অসম

অসম ৰাইফলছৰ ৰাইফলমেন প্ৰণৱ জ্যোতি দাসক ‘শৌৰ্য চক্ৰ’ৰে সন্মানিত…

শৌৰ্য চক্ৰৰে সন্মানিত অসম সন্তান প্ৰণৱ জ্যোতি দাস।

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ‘শৌৰ্য চক্ৰ’ৰে সম্মানিত কৰিলে অসম ৰাইফলছৰ ৰাইফলমেল প্ৰণৱ জ্যোতি দাসক।

অৰুণাচল প্ৰদেশৰ লংডিঙত এক অভিযানৰ সময়ত প্ৰদৰ্শন কৰা চৰম সাহসিকতা আৰু দক্ষতাৰ বাবে প্ৰণৱ জ্যোতি দাস এই সন্মান প্ৰদান কৰা হয়।

অসম ৰাইফলছে টুইট কৰি লিখিছে-‘অসম ৰাইফলছৰ সৈনিকক সন্মানীয় শৌৰ্য চক্ৰৰে সন্মানিত কৰা হৈছে। ২০২০ চনত অৰুণাচল প্ৰদেশৰ লংডিঙত এক অভিযানৰ সময়ত দেখুওৱা চৰম সাহসিকতা আৰু বীৰত্বৰ বাবে ২২ নৱেম্বৰত ৬ অসম ৰাইফলছৰ আৰএফএন প্ৰণৱ জ্যোতি দাসক সন্মানীয় শৌৰ্য চক্ৰৰে সন্মানিত কৰা হৈছে।’

উল্লেখ্য যে ২০২০ চনত অৰুণাচল প্ৰদেশত চলোৱা এক অভিযানৰ সময়ত ৰাইফলমেন প্ৰণৱ জ্যোতি দাসে দুজন বিদ্ৰোহীক কৰায়ত্ত কৰাৰ লগতে এজন আহত সৈনিকক বুদ্ধিমত্তাৰে সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *