ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকঃ সত্ৰৰ মাটিৰ বেদখলৰ স্বৰূপ নিৰূপনৰ বাবে বিশেষ কমিটি গঠনৰ সিদ্ধান্ত…

অন্ত পৰিল বঙাইগাঁৱত অনুষ্ঠিত বহুল চৰ্চিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকৰ।

বঙাইগাঁও জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত সম্পন্ন কেবিনেটত লোৱা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ।

কেবিনেটৰ অন্তত সংবাদ মাধ্যমক সম্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ৰাজ্যিক কেবিনেটত লোৱা সিদ্ধান্ত অনুসৰি অসমৰ সত্ৰ সমূহৰ ভূমি বেদখল মুক্ত কৰাৰ ক্ষেত্ৰতো পদক্ষেপ গ্ৰহণ কৰা হৈছে। আজিৰ কেবিনেটত সত্ৰৰ মাটি বেদখল সন্দৰ্ভত ইয়াৰ স্বৰূপ নিৰূপনৰ বাবে এখন বিশেষ কমিটি গঠন কৰি দিয়া হৈছে।

প্ৰাক্তন মন্ত্ৰী প্ৰদীপ হাজৰিকাৰ নেতৃত্বত এই কমিটি গঠন কৰি দিয়া হৈছে।

কমিটিখনত প্ৰদীপ হাজৰিকাৰ উপৰিও নগাঁও আৰু খুমটাই সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা আৰু মৃণাল শইকীয়াও আছে।

এই কমিটিখনক ৰাজ্যৰ ভূমি আৰু ৰাজহ বিভাগে সহায় কৰিব আৰু এবছৰৰ পাছত কমিটিখনে সত্ৰৰ বেদখল হৈ থকা মাটি সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিব আৰু এই প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি চৰকাৰে পৰৱৰ্তী কাৰ্যপন্থা গ্ৰহণ কৰিব।

ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা অসম লোকসেৱা আয়োগৰ পৰীক্ষাত কোনোধৰণৰ ভাষা বিষয়ৰ পেপাৰ নাথাকিব।

বৰ্তমান অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অসমীয়া বিষয়টো বাধ্যতামূলক কৰাৰ ফলত বহু অসমীয়া ভাষা নোকোৱা জনজাতীয় অথবা জনগোষ্ঠীয় ছাত্ৰ-ছাত্ৰী সকলে সন্মুখিন হোৱা সমস্যাৰ প্ৰতি দৃষ্টি ৰাখিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

ইপিনে, ইংৰাজী বিষয়টো বাধ্যতামূলক হৈ থকাৰ সময়ত অসমীয়া মাধ্যমত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰী সকল সমস্যাৰ সন্মুখিন হৈছিল যাৰ বাবে আজি ৰাজ্যিক কেবিনেটে অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ পৰা ভাষা বিষয়টো উঠাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে।

অৱ্শ্যে এইক্ষেত্ৰত ৰাজ্যিক কেবিনেটে নতুন তিনিটা নিয়ম বান্ধি দিছে।

নতুন নিয়ম তিনিটা হ’ল এতিয়াৰে পৰা অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হ’বৰ বাবে প্ৰাৰ্থী সকল অসমৰ নাগৰিক হ’ব লাগিব। দ্বিতীয়তে প্ৰাৰ্থী সকলে অসমীয়া অথবা যিকোনো এটা অসমৰ সহযোগী ভাষা সলসলীয়াকৈ ক’ব জনা হ’ব লাগিব আৰু তৃতীয়তে প্ৰাৰ্থী সকলৰ নাম অসমৰ নিয়োগ পঞ্জীয়ন কেন্দ্ৰত অন্তৰ্ভূক্ত থকা হ’ব লাগিব।

কেবিনেটৰ সিদ্ধান্ত অনুসৰি NEP সম্পৰ্কত শীঘ্ৰে প্ৰকাশ পাব অধিসূচনা। 

NEP বলৱতৰ বাবে ২০২২ ত প্ৰস্তুত কৰা হ’ব প্ৰয়োজনীয় আন্তঃগাঁথনি। NEP ৰ অনুকৰণত শিক্ষাৰ সংস্কাৰ হ’ব।

নতুন শিক্ষা নীতিৰ ৰূপায়ণ হ’লে শ্ৰেণীৰ সংখ্যা ১৫ লৈ বৃদ্ধি হোৱাৰ লগতে ১৫ বছৰ অতিক্ৰম কৰিলে দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হ’ব বুলি উল্লেখ মুখ্যমন্ত্ৰীৰ। 

লগতে, ২০২৩ ৰ পৰা পাঠ্যপুথি উপলব্ধ হোৱাৰ লগতে প্ৰয়োজন অনুসাৰে বিদ্যালয়ত যোগান ধৰা হ’ব ভাষাৰ পাঠ্যপুথি। ইফালে, NEP বলৱত হ’লে মেট্ৰিক অনুষ্ঠিত হ’ব যদিও পূৰ্বৰ দৰে গুৰুত্ব কমাৰ সম্ভাৱনা আছে বুলি উল্লেখ মুখ্যমন্ত্ৰী শৰ্মাৰ। NEP অনুসৰি ২০২৩ৰ ১ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব পাঠ্যক্ৰম। 

অসম আন্দোলনৰ শ্বহীদ আৰু নিৰ্যাতিতাৰ বাবে ন্যাস।

ৰাজ্যত সামান্য বৃদ্ধি হ’ব আবকাৰী কৰ।

চহৰৰ মাটি ল’বৰ বাবে ১০ বছৰ দখলত থাকিব লাগিব।

ছেবা আৰু শিক্ষা সংসদ সংলগ্ন কৰা হ’ব।

৫ জানুৱাৰী পৰা হাফলঙত হ’ব কেবিনেট বৈঠক।

৬ আৰু ৭ জানুৱাৰিত ৰাজ্য চৰকাৰৰ সকলো চৰকাৰী চাকৰিয়ালে লাভ কৰিব চুটী। অৱশ্যে এইক্ষেত্ৰত নিজৰ পিতৃ-মাতৃ অথবা শহুৰেক আৰু শাহুৱেক জীয়াই থাকিব লাগিব।

আৰক্ষী অধীক্ষক সকলৰ বৈঠক থকাৰ বাবে ৬ আৰু ৭ জানুৱাৰীৰ বাধ্যতামূলক চুটী অসম আৰক্ষীৰ লোকসকলে লাভ নকৰিব।

নিয়োগৰ বাবে অসমৰ ছাত্ৰ-ছাত্ৰীক উপযুক্ত কৰি তোলাৰ বাবে গঠন কৰা হ’ব য়ুইথ কমিশ্যন। এই য়ুইথ কমিশ্যনে প্ৰতিখন জিলাৰ ১০০ গৰাকীকৈ ছাত্ৰ-ছাত্ৰীক সৰ্বভাৰতীয় পৰ্যায়ৰ পৰীক্ষাৰ বাবেও প্ৰস্তুত কৰি তোলাৰ ক্ষেত্ৰত ব্যাৱস্থা গ্ৰহণ কৰিব।

অসমৰ কামাণ্ডো বেটেলিয়নত নিযুক্তি লাভ কৰাৰ বাবে প্ৰাৰ্থীৰ বয়স ১৮-২১ বছৰৰ ভিতৰত হ’ব লাগিব।

Leave a Comment