অসম

মৰ্মান্তিক! খেলি থাঁকোতেই বিদ্যালয়ৰ দেৱাল খহি পৰি মৃত্যুক সাৱটিলে চতুৰ্থ শ্ৰেণীৰ ছাত্ৰই…

গোৱালপাৰা জিলাৰ বগুৱান থানাৰ অন্তৰ্গত দাৰিৰপাৰত ভয়ংকৰ ঘটনা।

দাৰিৰপাৰ প্ৰাথমিক বিদ্যালয়ৰ বাউণ্ডাৰীৰ দেৱাল হঠাৎ খহি পৰি মৃত্যু হয় এগৰাকী চতুৰ্থ শ্ৰেণীৰ ছাত্রৰ।

ছাত্ৰ জনে খেলি থকাৰ সময়ত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা।

ছাত্ৰ জনৰ নাম নুৰ আলম।

ঘৰখনৰ একমাত্ৰ সন্তান আকস্মিক মৃত্যুৰ পিছত ক্ষোভিত হৈ পৰে অঞ্চল বাসী ৰাইজে।

বাশবাৰী গাওঁ পঞ্চায়তে দাৰিৰপাৰ প্ৰাথমিক বিদ্যালয়ত সীমাৰ দেৱাল অতি নিম্ন মানদণ্ডৰ কাম কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

যাৰ ফলত এজন কিশোৰে অকাল মৃত্যুক আকোৱালি লবলগীয়া হ’ল।

উল্লেখ্য যে, পূৰ্বে ওচৰ চুবুৰীয়াই দুৰ্বল বাউণ্ডাৰীৰ কথা প্ৰধান শিক্ষকক অৱগত কৰিছিল যদিও কোনোধৰণৰ গুৰুত্ব দিয়া নাছিল প্ৰধান শিক্ষক জনে।

অৱশেষত ঘটনাস্থলীত বগুৱান আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰে।

স্থানীয় ৰাইজে ইয়াৰ উচিত তদন্ত বিচাৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *