অসম

সাঁতোৰবিদ এলভিছ আলী হাজৰিকাৰ নতুন অভিলেখ, আৰৱ সাগৰৰ বুকুত সাঁতুৰিলে ৩৯ কিলোমিটাৰ

সাঁতোৰবিদ এলভিছ আলী হাজৰিকাৰ নতুন অভিলেখ।

আৰৱ সাগৰৰ বুকুত ৩৯ কিলোমিটাৰ সাঁতুৰি অভিলেখ গঢ়িলে আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদ এলভিছ আলী হাজৰিকাই।

এলভিছ আলী হাজৰিকাই যোৱানিশা ধৰমতাৰ জেটিৰ পৰা মুম্বাইৰ গেটৱে’ অফ ইন্ডিয়ালৈ আৰৱ মহাসাগৰৰ বুকুত ৩৯ কিলোমিটাৰ সাঁতুৰি নতুন অভিলেখ সৃষ্টি কৰে।

সাগৰত ৩৯ কিলোমিটাৰ সাঁতুৰি নতুন আভিলেখ সৃষ্টি কৰা এলভিছ আলী হাজৰিকাই ইয়াৰ পূৰ্বে ইংলিছ চেনেলত ২৯ কিলোমিটাৰ সাঁতোৰাৰ উপৰি কেটলিনা চেনেলতো সফলতাৰে সাঁতুৰিছিল।

উল্লেখ্য যে ধৰমতাৰ জেটিৰ পৰা গেটৱে’ অফ ইন্ডিয়াৰ এই চেনেলটো হ’ল ভাৰতবৰ্ষৰ দ্বিতীয়টো জটিল চেনেল।

ইংলিছ চেনেলত ২৯ কিলোমিটাৰৰ পিছত কেটলিনা চেনেল আৰু এতিয়া ধৰমতাৰ জেটিৰ পৰা মুম্বাইৰ গেটৱে’ অফ ইন্ডিয়াত সাঁতোৰা এলভিছ আলি হাজৰিকাক অভিনন্দন জনাইছে ছাত্ৰ আৰু ক্ৰীড়া যুৱ কল্যাণৰ উপদেষ্টা পৰিষদৰ সদস্য সচিৱ পৱিত্ৰ মাৰ্ঘেৰিটাই।

Leave a Reply

Your email address will not be published. Required fields are marked *