অসম আৰক্ষীৰ চাৰি বিষয়ালৈ গৃহমন্ত্রীৰ পদক।
চলিত বর্ষৰ ‘তদন্তত উৎকৃষ্টতা’ৰ বাবে দেশৰ মুঠ ১৫২জন আৰক্ষী বিষয়ালৈ আগবঢ়োৱা হৈছে কেন্দ্রীয় গৃহমন্ত্রীৰ পদক।
কেন্দ্রীয় গৃহ মন্ত্রালয়ে বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে এই কথা সদৰী কৰিছে৷
বাছনিভুক্তসকলৰ ভিতৰত আছে অসম আৰক্ষীৰ চৰিজনকৈ বিষয়া৷
বিষয়া কেইগৰাকী হ’ল– জ্যেষ্ঠ আৰক্ষী অধীক্ষক বিবেকানন্দ দাস, উপ-আৰক্ষী অধীক্ষক ড০ ৰশ্মিৰেখা শর্মা, পৰিদর্শক সুকুমাৰ সিন্হা আৰু উপ-আৰক্ষী পৰিদর্শক দীপাংকৰ গগৈ৷
Yet another proud moment for Team Assam Police!
— Assam Police (@assampolice) August 13, 2021
With immense joy, we congratulate our Officers & Personnel for being honoured with the prestigious Union Home Minister's Medal for Excellence in Investigation, 2021. pic.twitter.com/9S914AXw51
চলিত বর্ষত এই পদকৰ বাবে বাছনিভুক্ত বিভিন্ন ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলৰ আৰক্ষীৰ ১৫২ বিষয়াৰ ভিতৰত ২৮গৰাকী হ’ল মহিলা









