দৰঙৰ দলগাঁৱত ঢেকীয়াপতীয়া বাঘৰ আতংক।
১নং কছাৰীভেটি টোপগাঁৱত ঢেকীয়াপতীয়া বাঘৰ আক্ৰমণত আহত এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰ।
আহত ছাত্ৰগৰাকী হৈছে ইমৰান ফৰহাদ আলী (১৪)৷
জানিব পৰা মতে, ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বাঘটোৱে যোৱা ৩/৪ দিনৰ পৰাই অঞ্চলটোত মুক্ত বিচৰণ কৰি আছিল৷
দেওবাৰে পুৱা ছাত্ৰজন পথাৰলৈ যাওঁতে আক্ৰমণ কৰে বাঘটোৱে৷
স্থানীয় ৰাইজৰ সহযোগত ছাত্ৰজনক মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও অৱস্থা সংকটজনক হোৱাত জি এম ছি এইচলৈ প্ৰেৰণ কৰা হয়।
বন বিভাগে বাঘটোক উদ্যানখনলৈ ঘূৰাই পঠিওৱাৰ চেষ্টা অব্যাহত ৰাখিছে৷
ঘটনাক কেন্দ্ৰ কৰি ১নং কছাৰীভেটি টোপগাঁৱত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে৷









