অসম

জনাঞ্চলত বাঘৰ আতংক, বাঘৰ আক্ৰমণত আহত এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰ…

দৰঙৰ দলগাঁৱত ঢেকীয়াপতীয়া বাঘৰ আতংক।

১নং কছাৰীভেটি টোপগাঁৱত ঢেকীয়াপতীয়া বাঘৰ আক্ৰমণত আহত এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰ।

আহত ছাত্ৰগৰাকী হৈছে ইমৰান ফৰহাদ আলী (১৪)৷

জানিব পৰা মতে, ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বাঘটোৱে যোৱা ৩/৪ দিনৰ পৰাই অঞ্চলটোত মুক্ত বিচৰণ কৰি আছিল৷

দেওবাৰে পুৱা ছাত্ৰজন পথাৰলৈ যাওঁতে আক্ৰমণ কৰে বাঘটোৱে৷

স্থানীয় ৰাইজৰ সহযোগত ছাত্ৰজনক মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও অৱস্থা সংকটজনক হোৱাত জি এম ছি এইচলৈ প্ৰেৰণ কৰা হয়।

বন বিভাগে বাঘটোক উদ্যানখনলৈ ঘূৰাই পঠিওৱাৰ চেষ্টা অব্যাহত ৰাখিছে৷

ঘটনাক কেন্দ্ৰ কৰি ১নং কছাৰীভেটি টোপগাঁৱত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *