অসম

মই চাকৰিৰ বাবে খেলা নাছিলো, মোৰ লক্ষ্য আছিল অলিম্পিকঃ লাভলীনা…

হোটেল তাজ ভিভান্টাত বজ্ৰকন্যা লাভলীনা বৰগোহাঁইৰ সংবাদমেল সম্বোধন।

সংবাদমেলত উপস্থিত ক্ৰীড়া মন্ত্ৰী বিমল বৰা।

সংবাদমেলত লাভলীনাই কয়- ভাৰতৰ শিক্ষা ব্যৱস্থাত ক্ৰীড়া বিষয়টো অন্তৰ্ভূক্ত কৰিব লাগে। তেতিয়া সৰুৰে পৰা সকলোৱে ক্ৰীড়া জগতত আগবাঢ়ি যাব পাৰিব। এনে কৰিলে ভাৰতত থকা প্ৰতিভা সমূহ ওলাই আহিব।

লগতে লাভলীনাই কয়- ‘মই চাকৰিৰ বাবে আৰম্ভৰ পৰা খেলা নাছিলো, মোৰ লক্ষ্য আছিল অলিম্পিক।’

ডিএছপি চাকৰি মোক ডিউটি কৰিবলৈ দিয়া হোৱা নাই, মই দেশৰ বাবে মেডেল কঢ়িয়াই আনি মোৰ ডিউটি মই কৰি যাম বুলি মন্তব্য লাভলীনাৰ।

লাভলীনাই কয়- মই মা-দেউতাৰ সমৰ্থনতে ইমান আগুৱাই যাব পাৰিছো, ছোৱালী হোৱা বাবে কেতিয়াও ঘৰতে সোমাই থাকিবলৈ কোৱা নাছিল। আমাৰ ঘৰৰ তিনিওজনী ছোৱালীকে মা দেউতাই সমৰ্থন কৰে কিবা এটা কৰিবলৈ।

উল্লেখ্য যে, আজি পুনৰ দিল্লীলৈ উভতিব বজ্ৰকন্যা লাভলীনা। স্বাধীনতা দিৱসৰ অনুষ্ঠানত অংশ ল’বলৈ দিল্লীলৈ যাব লাভলীনা।

ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীয়েও সাক্ষাত্‍ কৰিব লাভলীনাসহ ৭ পদকজয়ীক।

পেৰিছ অলিম্পিকত স্বৰ্ণ জয়ৰ প্ৰতিশ্ৰুতি লাভলীনাৰ।

অসম অলিম্পিক সন্থাৰ সম্বৰ্ধনা অনুষ্ঠানত অলিম্পিক পদকজয়ী কন্যাক সাৱটি কান্দি পেলালে পিতৃ টিকেন বৰগোহাঁয়ে।

পিতৃয়ে কয়- ‘আচলতে তাই বৰ আৱেগিক, মই যেনেকুৱা তাইও তেনেকুৱা।ছোৱালী হিচাপে জন্ম হৈছে যেতিয়া সিহঁতি আত্মনিৰ্ভৰ হোৱাটো বিচাৰিছিলো।’

Leave a Reply

Your email address will not be published. Required fields are marked *