অসম

জালুকবাৰীস্থিত সুধাকণ্ঠৰ সমাধিক্ষেত্ৰ দৰ্শনাৰ্থীৰ বাবে মুকলিৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ…

জালুকবাৰীস্থিত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰ দৰ্শনাৰ্থীৰ বাবে মুকলিৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

অতিশীঘ্ৰে মুকলি কৰি দিয়াৰ পদক্ষেপ ল’বলৈ দেওবাৰে ৰাজ্যৰ মুখ্য সচিবক নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই।

উল্লেখ্য যে, কৰ’ণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত দীৰ্ঘদিন ধৰি দৰ্শনাৰ্থীৰ বাবে বন্ধ হৈ আছে সমাধিক্ষেত্ৰ।

এই সম্বন্ধে গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ এগৰাকী ছাত্ৰই ১৮ নৱেম্বৰত এখন পত্ৰৰ জৰিয়তে বিষয়টো চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিছিল।

এই সকলো দিশ বিবেচনা কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই সুধাকণ্ঠৰ স্মৃতিসম্বলিত এই সমাধিক্ষেত্ৰখন দৰ্শনাৰ্থীসকলৰ বাবে পুনৰ মুকলি কৰি দিয়াৰ পদক্ষেপ ল’বলৈ ৰাজ্যৰ মুখ্য সচিবগৰাকীক নিৰ্দেশ প্ৰদান কৰে।

যাতে দৰ্শনাৰ্থীসকলে স্বাস্থ্যসন্মত বিধি-বিধান মানি এই সমাধিক্ষেত্ৰখনত প্ৰৱেশ কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব দিবলৈও আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *