অসম

তৃতীয়-চতুৰ্থ বৰ্গৰ পদত মকৰলৰ বাবে সুকীয়া নিয়োগ আয়োগ গঠনৰ সিদ্ধান্ত…

শনিবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত কইনাধৰাস্থিত ১ নং ৰাজ্যিক অতিথিশালাত বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকলৰ উপস্থিতিত এই বৈঠক অনুষ্ঠিত হয়।

বৈঠকত ১ লাখ যুৱক-যুৱতীৰ নিয়োগ সুনিশ্চিতকৰণৰ অৰ্থে প্ৰতিটো বিভাগৰে খালী হৈ থকা পদ আৰু এই পদসমূহত বিভাগসমূহে লোৱা পদক্ষেপৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হয়।

বৈঠকত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত মকৰলৰ বাবে একোখনকৈ নিয়োগ আয়োগ গঠন কৰাৰ বাবে সিদ্ধান্ত লোৱা হয়।

এই নিয়োগ আয়োগৰ অধ্যক্ষ হিচাপে থাকিব এগৰাকীকৈ অতিৰিক্ত মুখ্য সচিব।

আনহাতে বিভিন্ন বিভাগৰ অভিযান্ত্ৰিক পদসমূহ পূৰণ কৰাৰ বাবে যৌথ পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয়।

অভিযান্ত্ৰিক পদসমূহ পূৰণৰ বাবে অসম লোক সেৱা আয়োগে সংযুক্ত পৰীক্ষা অনুষ্ঠিত কৰিব।

বৈঠকত মুখ্যমন্ত্ৰীয়ে প্ৰতিটো বিভাগতে খালী হৈ থকা পদসমূহ পূৰণৰ বাবে তৎকালীন পদক্ষেপ গ্ৰহণ কৰিবলৈও নিৰ্দেশ দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *